সৰগৰ বেলকনি (২)

মই            

মই নিজকে প্ৰতিপন্ন 
কৰিবলৈ,
কাৰো Attention 
বিচৰা নাই ৷
মই ধুনীয়া সাজপাৰ পিন্ধিও 
নিজকে প্ৰতিপন্ন 
কৰিব বিচৰা নাই ৷
মই মোৰ দৰে হৈ 
থাকিব বিচাৰো,
কাৰোবাৰ মতে 
মই মোক সলনিও 
কৰিব নোৱাৰোঁ যে ৷
মই মোৰ সাম্ৰাজ্যৰ
অঘোষিত ৰজা ৷
কোনোবাই চিনি নাপালেও মোক 
মোৰ কোনো আপত্তি নাই ৷
মই ময়েই থাকিম !
কোনোৱা ৰাষ্ট্ৰপতি, 
প্ৰধানমন্ত্ৰীও হ’ব পাৰে ৷
তথাপিও মোৰ একোৱেই 
লাভ -লোকচানৰ কথাই নাহে ৷
কাৰণ মোৰ ৰাজ্যৰ সৰ্বসেৰ্বা ময়েই !
মই কাকো ৰাজত্ব কৰিব বিচৰা নাই ৷
কিন্তু মোৰ ৰাজ্যৰ ৰাজত্বও মই 
আন কাকো কৰিব দিব বিচৰা নাই ৷৷৷


ছাইফুদ্দিন আহমেদ

Comments

Popular posts from this blog

Baby Doll

প্ৰেমৰ অভিনয়