মৰমৰ অঞ্জনা
মৰম ল'বা। আশা কৰো কুশলেই আছা চাগে। আজি আমাৰ বিচ্ছেদৰ প্ৰায় দুই বছৰেই হ'বৰ হ'ল। আজিও যেন বিশ্বাস নহয় তুমি যে মোৰ কাষত নাই, বিশ্বাস নহয় যে দুবাহুত সোমোৱাই মোক মৰম কৰিবলৈও আজি মোৰ কাষত তুমি নাই। মনত পৰে জানা আজিও তোমালৈ.. তোমাৰ প্ৰতিটো স্মৃতি মই সাঁচি থৈছো গোপনে। হৃদয়ত এতিয়াও জী আছা তুমি, কল্পনাত এতিয়াও একেবাৰে কাষতে মোৰ তুমি। তোমাৰ কি মনত নপৰে নে মোলৈ?আমাৰ সেই একেলগে কটোৱা প্ৰায় চাৰিটা বছৰলৈ? তুমিটো ইমান নিলগত এতিয়া যে মই তোমাৰ ঠিকনাই নাজানো। আশাবোৰ আজিও তুমি যিদৰে এৰি গৈছিলা সেইদৰেই আছে.. আৰু মই! মই আজিও একো সলনি হোৱা নাই। মই তোমাৰ চিৰকাল আপোন হৈ আছো লাগিলে তুমি মোক যিমানেই পৰ বুলি নাভাবা কিয়। বুজিছো ভুলটো মোৰেই আছিল,বাৰু কোৱা চোন অনুতপ্ত হৃদয়ে এতিয়া কি কৰিলে তুমি আকৌ মোৰ কাষত আহিবা। হে হে মইও যে কি মূৰ্খ ন! হাজাৰ চেষ্টা কৰিলেও বুকুত আবিৰ্ভাৱ হোৱা ঘৃণাক এতিয়া প্ৰেমলৈ ৰূপান্তৰিত কৰিব নোৱাৰি। তুমি যে যোৱা দিনা কৈছিলা "তোক এতিয়া আৰু মই ঘৃণ কৰোঁ"। সেইদিনা নিশা মই প্ৰথম মন খুলি কান্দিছিলো...অশ্ৰুবোৰেও দুগাল চুমি মোক ক্ষান্ত কৰিব খোজিছিল।বাৰু ভালে থাকা তুমি মোৰ অবিহনেই...। ক্ষমা কৰিবা উকাখামত চিঠিখন পঠোৱা বাবে। কিয়নো মোৰ তাত তোমাৰ নতুন ঠিকনাটো নাই।ইতি তোমাৰ মৰমৰ বুলি কোৱাৰ যোগ্যতাখিনিও এতিয়া হেৰুৱাই পেলালে। এহ যি নহওঁক পাৰিলে মোৰ মৃত্যু দিনা পদুলিত ৰৈ মোৰ নিথৰ দেহটোলৈ এবাৰ চকু ফুৰাবা চোন!মই সেই পৰ্যন্ত তোমালৈ বাট চাই থাকিম।।
তোমাৰ ঘৃণনীয়
প্ৰাক্তন প্ৰেমিক !
চিন্ময় বৰা।
বিশ্বনাথ চাৰিআলি।
Comments
Post a Comment