নিষ্প্ৰভ নিশাৰ অনুভৱ
নীহাৰ বৰষা নিশিৰ বুকুত
নিস্পন্দ হৃদয়ৰ গীতে,
নিসৰ্গৰ সৌন্দৰ্যক ম্লান কৰিছে
নৈঃশব্দ্য মনৰ প্ৰাণে।।
নিস্পৃহ মনে আদৰে নীৰৱতা
কণ্টকময় জীৱন বাটত,
নিস্তেজ প্ৰাণে বিচাৰে সুন্দৰতা
নীৰদৰ নীৰৰ টোপালত।।
নিষ্প্রভ নিশাৰ অনুভৱ বিলাই
নিসংগ ক্ষণবোৰে,
তিমিৰ বেধি নিগৰে নীৰৱ
নিৰলে নদীৰ সতে।।
নিৰলস হৃদয় আজিও সক্ৰিয়
কিন্তু,
বিহ্বলতাই নিষ্ফল কৰে,
নিৰ্ধন মই আনন্দ-উল্লাসৰ
যি,
জোৎস্নাই পূৰণ নকৰে।।
নিষ্প্ৰভ নিশিৰ অনুভূতি সুকীয়া
যি পূৰ্ণানন্দৰ বৈপৰীত্য,
নিৰস মনৰ অবুজ বাসনা
যাৰ পৰ্য্যৱসান নৈকট্য।।
✍️ *সুশান্ত দাস* শিৱসাগৰ।।
Comments
Post a Comment