আমি নৱ নৱ কিশোৰী

আমি  নৱ নৱ কিশোৰী
 _____________________


         
কনকলতাৰ সাহসক বুকুত বান্ধি
আগুৱাই যাম আমি 
নৱ নৱ কিশোৰী।।
মহাত্মা গান্ধীৰ দৰে সত্যতা
থাকি কৰিম
দেশৰ দুৰ্নীতি নিৰ্মূল।
আমি নৱ নৱ কিশোৰী।।
আমিয়ে গঢ়িম দেশৰ
ভৱিষ্যত ,
আমিয়ে আনিম আশাৰে ৰেঙনি।।
মানৱতাৰ ধৰ্মৰে 
পোহৰাই তুলিম আমাৰ সোণৰ অসমখনি।।
আমি নৱ নৱ কিশোৰী
কনকলতাৰ সহসক বুকুত বান্ধি
আগুৱাই যাম আমি নৱ নৱ কিশোৰী।।
মূলা জয়মতীৰ দেশৰে
আমি নৱ নৱ কিশোৰী
একতাৰ এনাজৰীযে বান্ধি
ৰাখিম সোণৰ অসম খনিক।।
অন্যান্য বিৰুদ্ধে 
যুঁজি যাম
আমি নৱ নৱ কিশোৰী।।
কনকলতাৰ সহসক বুকুত বান্ধি
আগুৱাই যাম আমি নৱ নৱ কিশোৰী।।


অৰ্পনা গগৈ
       জিলা ধেমাজি

Comments

Popular posts from this blog

সৰগৰ বেলকনি (২)

Baby Doll

প্ৰেমৰ অভিনয়