নৱবৰ্ষৰ ন- সংযোগ “পুৱাৰ চিন্তা” ১
মই লেখক
প্ৰিয়ংকা চমুৱা,
ঢকুৱাখনা, লখিমপুৰ,
বুকুৰ মাজত বৈ থকা
নিৰৱধি নৈ খন
কোনেও নেদেখে.....
বুকুৰ কেচা ঘা-টুকুৰা
কোনেও অনুভৱ নকৰে!
উজাগৰী ৰাতিৰ অশান্ত হুমুনিয়াহ
কোনে বাৰু বুজিব পাৰে
কাৰণ,,,,মই লেখক !
মোৰ ব্যস্ততাৰ অজুহাতত মই
আতৰাই কাকো নপঠাও
মোৰ হৃদয়ৰ আবিল ৰাগত
আপোনত্বক জুকিয়াও
তথাপি,,,, মই একাকী,অঘৰী আত্মা
অকলশৰীয়া হৈয়ে ৰৈ যাওঁ।
এনে নহয় যে মোৰ কাষত
কোনো কেতিয়াও নাছিল
মোৰ আশে-পাশে চৌপাশে
প্ৰেমিক প্ৰৱৰো মুখৰ হৈছিল
আত্মাৰ চিৰন্তন ধ্বনি হে কাৰো
হৃদয়ংগম নাছিল
আছিল কেৱল জ্বলন্ত ৰাগৰ
অবুজ অজান যুক্তিৰ স্ফুলিংগ
যত মই বিচৰা
মৰমৰ সাগৰখন নাছিল
বিঢৌত আৰু উৎথিত হৈছিল
অভিমান নুবুজা আৱেগহীন
ব্যৱসায়িক কলিজা
ভালপোৱাৰ সুকোমলতা নাছিল
নাজানো মই নে তেওঁ
অবুজ আছিল!!!
-------------------------------------------------------------------
আত্ম চিন্তন
ৰাবিয়া_বেগম
মই প্ৰেমৰ কবিতা সৃষ্টি নকৰোঁ !
প্ৰেমৰ ছন্দেৰে
মানৱতাৰ আৱেদন কৰিম !
আজি মই নিজক সলনি কৰিম ৷
দুৰ্দান্ত, নিৰ্ভীক আৰু স্পষ্টবাদী হৈ
বিষণ্ণ আত্মাৰ কথাৰে মালা গাঁথিম ৷
নিকা আৰু স্বচ্ছ সমাজ গঢ়াৰ বাবে
কবিতাৰ আয়োজন কৰিম...!
সাহিত্যৰ আদি মতমত
বীৰ বৃক্ষৰোপণ কৰিম।
মই সেই কবিতাৰ জন্ম নিদিওঁ,
যি প্ৰাপ্তি আৰু অপ্ৰাপ্তিৰ অভিযোগ কৰে,
হেৰুৱাই যোৱাৰ ভয়ত উচুপি থাকে,
নিশাবোৰ উজাগৰী পাৰ কৰে,
মই স্বাৰ্থপৰ যন্ত্ৰৰ দৰে মানৱতাৰ জন্ম দিম।
মই বহু কবি দেখিছোঁ নোপোৱাৰ তিক্তখিনি
সুন্দৰভাৱে সজাই পৰাই যেন পুতৌ ভিক্ষা খুজিছে,
তাতেই লাভাম্বিত হৈ জনপ্ৰিয় হৈ পৰিছে ৷
কিন্তু কিবা পৰিবৰ্তন ঘটিছে জানো
যেন নিজস্ব সকলো স্বাৰ্থৰ বাবেই কৰি গৈ আছে।।
আজিৰ সমাজ কালসন্ধ্যা উদ্ধাৰৰ
পথ বিচাৰি কক্বকাইছে,,,
কোনেনো তাৰ স্পষ্ট একলম লিখিছে
বিশেষজ্ঞ জনেও অৱজ্ঞা কৰি
দায়িত্বহীন সূচক হৈ পৰিছে
ৰাজনীতি, খেলুৱৈ, অসামাজিক
উপসৰ্গৰে সমাজক হানিব ধৰিছে ৷
ব্যক্তিগত জীৱনৰ সাৰ্থকতাৰ বাবে
অভিযান্ত্ৰিক ৰূপ লৈছে,,
অচিৰেই আঁত বিচাৰি ভাষা,জাতি
আজি মহামাৰী হৈ পৰিছে।।
-------------------------------------------------------------------
এখন কিতাপ
ৰাশীমা চাংমাই
ডিব্ৰুগড়
জীৱনটো যদি এখন কিতাপ হোৱা হ'লে।
সকলো দুখ তাৰ মাজতে
সাঁচি ৰাখিলো হয়।
জীৱনৰ মধুৰতম সময়বোৰকো
সেই কাগজৰ পাতত লিপিবদ্ধ
কৰি ৰাখিলো হয় ।।
জীৱনটো যদি এখন কিতাপ হোৱা হ'লে
মা দেউতাই অথাই সাগৰকো
সেই লিপিত সংৰক্ষিত কৰিলো হয়।
মা দেউতাৰ ত্যাগৰ প্রতীককো
সুঁৱৰি থাকিলো হয় ।।
জীৱনটো যদি এখন কিতাপ হোৱা হ'লে
অতীতৰ স্মৃতিকে সুঁৱৰি তাৰ মাজতে
তোমাক বিচাৰি চালো হয় ৷
অতীতৰ হিয়া ভঙা কান্দোনৰ শব্দবোৰ
সেই পাততে লিখি ৰাখিলো হয় ।।
-------------------------------------------------------------------
নাৰী
মানৱ সৃষ্টিৰ কাৰণ নাৰী,
নাৰী অবিহনে না
সমাজ সৃষ্টি হব না এখন ঘৰ।।
নাৰী অবিহনে সকলো
যে অসাৰ,
তথাপিও কিন্তু নাৰীৰ
স্বাধীনতা নাই এই
স্বাধীন দেশত।।
কোন দিনা পাব নাৰীয়ে
স্বাধীনতা এই স্বাধীন দেশত,
কোনে দিব স্বাধীনতা নাৰীক।।
নাৰী স্বাধীনতা নাই
যদিও কিন্তু,
নাৰী অবিহনে মানৱ সৃষ্টি হব নোৱাৰে।।
স্বাধীনতা নাই যদিও নাৰী কিন্তু দুৰ্বল নহয় পুৰুষতকৈ আই মাতৃৰ ৰক্ষা সেতু
নাৰীও পাৰে নিজ পিতৃ-মাতৃক , স্বামী-সন্তনক ত্যাগ কৰি চেলা গিৰিপথত শত্ৰুৰ হকে যুঁজিবলৈ।।
কোনটো কল্পত পাব গৈ নাৰীয়ে স্বাধীনতা?
প্ৰশ্ন মাথোঁ এইটোৱে নহয় আছে বহুতো।
নাৰী ওপৰত কৰা আমানৱীয় অত্যাচাৰ,
কোনে দিব নাৰীক ন্যায়?
কোনে থিয় হব সি নাৰী ন্যায়ৰ প্ৰক্ষত?
-------------------------------------------------------------------
অণুগল্পঃ
জীৱনৰ ৰং
অংশুমান ভূঞা
চামতা ,নলবাৰী
"হেৰি ডেকা,ডিচেম্বৰ মাহো যাবৰ হ'ল।এইবাৰ আগৰ দৰে ঠাণ্ডা নপৰিবই নেকি।"
"হয় দিয়ক বৈশ্য।দিন-কাল সলনি হ'ল।"
সান্ধ্য ভ্ৰমণ সামৰি পদপথেৰে ঘৰমুৱা হোৱা ডেকা-বৈশ্যৰ কথোপকথনৰ সমান্তৰালকৈ পদপথটিত শীতৰ ৰাতিৰ সংগ্ৰাম এখনৰো কুচকাৱাজ আৰম্ভ হৈছিল য'ত আগৰ দৰে শীত নপৰাটো আশীৰ্বাদ।
-------------------------------------------------------------------
অনুগল্পঃ
হিটাৰ
✍️ ৰাহুল খান
ছিপাঝাৰ, দৰং (অসম)
আজি বৰ ঠাণ্ডা অফিচত হিটাৰ লৈ বহি থকা অমলৰ বৰকৈ মনত পৰিছে তাৰ অতীতৰ কথা । তাৰ চকুত ভাঁহি উঠিছে তাহানিৰ দেউতাকৰ কষ্টবোৰ । ৰাতিপুৱা উঠিয়েই দেখিছিল দেউতাকে কপি কপি চাইকেলেৰে পেপাৰ বিলাই অহা । মাকে দেউতাকৰ বাবে যুহালত শীতৰ পৰা পৰিত্ৰাণ পাবলৈ জুই জ্বলাই ৰখি থকা । আকৌ আন এটা কামৰ বাবে ওলাই যোৱা ।
এনেতে পিয়নজনে মাত লগালে ছাৰ আপোনাৰ চাহ কাপ চেঁচা হল । আনদিনা চেঁচা চাহ খাই ভাল নোপোৱা অমলে সেই দিনা চেঁচা চাহ কাপকে বৰ গৰম অনুভৱ কৰিলে আৰু মৃত দেউতাকৰ ফটো খন উলিয়াই মনটে দেউতা তুমি মহান, তুমি মহান বুলি দেউতাকৰ ফটো খন চাই ৰল ।।
-------------------------------------------------------------------
Comments
Post a Comment