নাৰিকলৰ পাতৰ তলে তলে

নাৰিকলৰ পাতৰ তলে তলে


বাদুলীজাক নাৰিকলৰ পাতৰ ওপৰৰ আকাশত!
মোৰ ফোনত তোমাৰ হাঁহি!
বাদুলীৰ গতি পাহাৰৰ ফালে!

তুমি যদি পাহাৰ যাম বুলি কোৱা,
মই লৈ যাম তোমাক!
ওখ শিলটোত ফটো উঠিম,
ষ্টেটাছত দিম ঘৰত নেদেখাকৈ!

নামি আহোতে যদি মোক হাতত ধৰা,
মই এৰাই নিদিওঁ।
বাদুলীজাক পাহাৰ পাই মানে,
ব'লা নহ'লে এপাক গৈয়েই আহো।

আহোতে দেখিম আকৌ এজাক বাদুলী,
গৈ আছে পাহাৰলৈ!
তুমি-মই মোৰ ৰূমলৈ যাম,
সিহঁতৰ তলে তলে!
নাৰিকলৰ পাতৰ তলে তলে!



আকাশ দাস, গুৱাহাটী

Comments

Popular posts from this blog

সৰগৰ বেলকনি (২)

Baby Doll

প্ৰেমৰ অভিনয়