শাশ্বত
পিয়াহৰ নদীখন য'ত শেষ হৈছে
আৰু আৰম্ভ হৈছে ভালপোৱাৰ অনন্ত সাগৰ খন
তাতেই মই ৰৈ থাকিম তোমাৰ বাবে।
সেই নদীৰে মই যাব নোৱাৰো,
তাৰ পানীত তেজৰ গোন্ধ আছে।
ইমান স্বাৰ্থপৰনো মই কেনেকৈ হ'ব পাৰোঁ।
তোমাৰ কলিজা খন মোৰ হাততে আছে এতিয়াও
কিজানি ইমান পিছল বাটত মই খোপনিয়ে পুতিব নোৱাৰো!
ভালপোৱাৰ একেটাই মন্দিৰ,
তাৰ আকাশ খন সদায় ক'লা হৈ থাকে
চিগাৰেট অথবা হোমযজ্ঞৰ ধোৱাৰে
সেইবাবেই তাৰ চোতালত আজিলৈকে ভৰি থৈ পোৱা নাই।
থোৱাৰো হাবিয়াস নাই।
উশাহত কাৰ্বন উজাই লৈ কোনসতে তোমাক কও ভাল পাওঁ বুলি।
শুভাংকৰ
সুন্দৰ কাব্যিকতা আপোনাক অসমীয়া সাহিত্যৰ চৌহদৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ 💐💐 💐 এয়া আপোনাৰ প্ৰথম লিখনি আমাৰ আলোচনীত প্ৰকাশ পাইছে ৷ আগন্তুক দিনবোৰতো আপোনাৰ লিখনি আশা ৰাখিলোঁ ৷
ReplyDeleteধন্যবাদ 🙏