মৃত্যু- পাটী
মৃত্যু-পাটী
--------------
হেয় মৃত্যু-
তই কিয় কাঢ়ি নিয়
নিৰীহ প্ৰাণী আৰু জীৱন প্ৰিয় লোকক
কেলেই ওপজিলি
মনোময় ধৰণীত?
তই হ'লি যমদূত
ক্ষন্তেকীয়াৰ কফিন
লঘোনত সেকা দি
ৰং চাৱ উলিয়াই,
ছেকেণ্ডত স্থান দিয়
স্বৰ্গ আৰু নৰকত
কিনো তোৰ এনে লীলাৰ
বিভক্ত চকু
কিহৰ কাৰণে দিয়, ল'ৱ আৰু আন
আতুৰ-বিতুৰ পৰিস্থিতি
খান্দি খাৱ নাড়ী আৰু কলিজা, অক্ষি
সৰগ, মৰত, পাতালৰ সম্ভোগ ঢাকি??
****************************
দিপিকা কামান,
চিনাতলীয়া, লখিমপুৰ
সুন্দৰ কাব্যিকতা আপোনাক অসমীয়া সাহিত্যৰ চৌহদৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ 💐💐 💐 এয়া আপোনাৰ প্ৰথম লিখনি আমাৰ আলোচনীত প্ৰকাশ পাইছে ৷ আগন্তুক দিনবোৰতো আপোনাৰ লিখনি আশা ৰাখিলোঁ ৷
ReplyDeleteধন্যবাদ 🙏