স্বাধীনতা
স্বাধীনতা পালোঁ
যদিও পূৰ্ণ
স্বাধীনতা জানো পালোঁঁ ?
নিজকে বাৰে বাৰে
শুধু মই
যিখন সমাজত নেকি ?
উচ্চ শ্ৰেণীৰ শোষণৰ বলি হৈ,
আজিও দৰিদ্ৰই আছে জীয়াই ।
সুযোগ পালেই,
কোনোবা নাৰীক নিৰ্য্যাতন ।
অসহায় মাতৃৰ কৰুণ বিননিয়ে,
কোনো সহাৰি যে কিয় নাপায় ?
সেয়ে বাৰে বাৰে শুধু নিজকে,
উত্তৰ বিচাৰি খাওঁ হাবাথুৰি।
স্বাধীনতা পালোঁ,
তথাপিও জানো,
স্বাধীন হʼব পাৰিলোঁ।
নুৰফিনা বেগম
নাওবৈচা,উত্তৰ লক্ষিমপুৰ
Comments
Post a Comment