ইতিহাস প্ৰসিদ্ধ শিৱসাগৰত এভূমুকি*************************
একাদশ শ্ৰেণী,
দেৱৰাজ ৰয় মহাবিদ্যালয়,
গোলাঘাট
জানুৱাৰী মাহৰ ৩০ তাৰিখ। কিমান আশাৰে যে এই দিনটোলৈকে বাট চাই আছিলো। অৱশেষত বহু অপেক্ষাৰ অন্তত এই দিনটো আহি পালে। লৰালিৰে পৰা সকলোৰে মুখত ইতিহাস প্ৰসিদ্ধ শিৱসাগৰৰ বিষয়ে শুনি শুনি তালৈ গৈ তাৰ ঐশ্বৰ্যময় বস্তুবোৰ চোৱাৰ প্ৰৱল ইচ্ছা আছিল। হঠাৎ বিদ্যালয়ৰ পৰা চাৰ- বাইদেউ সকলেএনে এটা শিক্ষামূলক ভ্ৰমণ উলিওৱাত ময়ো যাবলৈ ঠিৰাং কৰিলো। সৌভাগ্য ক্ৰমে এই দিনটো আহি পালে। কিমান যে মনত আশা, কিমান দিনীয়া যে এটি সপোন পূৰণ হʼবলৈ গৈ আছে ,বাঃ....!
সেইদিনা ৫:৩০ বজাত শিক্ষাগুৰু ৰাজেশ খনাল, মৃদুল বৰা চাৰ, প্ৰতিমা বৰা, অল্পনা বৰা বাইদেউৰ তত্বাৱধানত ৭৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে শিৱসাগৰলৈ বুলি বাছত যাত্ৰা কৰিলো।বাটত যাওতে প্ৰাগজ্যোতিকা ইংলিছ স্কুল, যোৰহাট টোকোলাই চাহ গৱেষণা কেন্দ্ৰ, ভোগদৈ নদী দেখা পালো। কিছুদূৰ অতিক্ৰম কৰি ১৭০৩ খ্ৰীঃত ৰুদ্ৰসিংহই নিৰ্মাণ কৰোৱা ২০২ ফুট দৈৰ্ঘ্য, প্ৰায় ২১ ফুট প্ৰস্থ ,৫ ফুট ডাঠ নামদাং শিলৰ সাঁকো পালোগৈ।
যি কি নহওঁক। প্ৰায় ৯:২০ বজাত শিৱসাগৰৰ তলাতল ঘৰৰ সন্মুখত উপস্থিত হʼলোগৈ। তলাতল ঘৰৰ ভিতৰত প্ৰৱেশ কৰি তাৰ সাজ-সজ্জাবোৰ লক্ষ্য কৰিলো। ইয়াৰ দুটা পথ আছে। ইয়াৰে ৩ কি.মি. দীঘল পথটো দিখৌ নদীত আৰু ১৬ কি.মি. দীঘল পথটো গড়গাঁৱত ওলাইছেগৈ। শত্ৰুৰ আক্ৰমণৰ সময়ত ৰজাই যাতে শত্ৰুক প্ৰতিহত কৰিব পাৰে তাৰ বাবে এই ব্যৱস্থা কৰা হৈছিল। তলাতল ঘৰৰ পৰা অলপ বাওঁফালে গোলাঘৰটো আছিল।গোলাঘৰৰ বিষয়ে প্ৰতিমা বাইদেউক সুধাত তেওঁ কʼলে যে তাত আহোম ৰাজত্বকালত সৈন্যবাহিনী,যুদ্ধৰ আহিলা আদি ৰখা হৈছিল।তলাতল ঘৰৰ পৰা ওলাই আহিলো। সন্মুখৰ পথাৰখনতেই সকলোৰে বাবে খোৱা- বোৱাৰ ব্যৱস্থা কৰা হৈছিল। সকলোৱে মিলি এসাজ খোৱাৰ তো মজাই বেলেগ।
প্ৰায় ১২:৩৫ বজাত সেই ঠাইৰ পৰা প্ৰস্থান কৰি শিৱদৌল, দেৱীদৌল আৰু বিষ্ণু দৌল ৰ অভিমূখে ৰাওনা হʼলো। ইয়াৰ প্ৰাকৃতিক দৃশ্যবোৰ সঁচাকৈ আকৰ্ষণীয়।১৭৩৪ খ্ৰীঃত শিৱসিংহৰ দ্বিতীয়া পত্নী অম্বিকাই শিৱদৌল বিষ্ণু দৌল আৰু দেৱী দৌল নিৰ্মাণ কৰাইছিল।
তাৰপৰা প্ৰস্থান কৰি কাৰেং ঘৰৰ অভিমূখে ৰাওনা হʼলো। কাৰেং ঘৰৰ পৰা কিছু নিলগত বাছ ৰʼলগৈ। কাৰেং ঘৰৰ দেৱালত " খাদ্য বস্তু নিয়া নিষেধ" বুলি লিখি থোৱা এখন ফলক চকুত পৰিল।ভাৱি ভাল লাগিল-পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাৰ ক্ষেত্ৰত চৰকাৰে কিমান মনোযোগ দিছে...!আমি সকলোৱে শাৰী পাতি কাৰেং ঘৰত প্ৰৱেশ কৰিলো। সঁচাই, ইয়াৰ প্ৰাকৃতিক দৃশ্য ও অতি মনোৰম। চাৰিওফালে চালে-চকুৰোৱা হৈ আছে।এই কাৰেং ঘৰটো ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰাইছিল। আহোম ৰজা চুক্লেংমুঙে ১৫৪০ খ্ৰীঃত আহোম ৰাজত্বৰ মূল ৰাজধানী পাতিছিল।
ইয়াৰ পাছত আমি চাবলৈ গ'লো ৰংঘৰ। প্ৰায় ৩:৪০ বজাত ৰংঘৰৰ সন্মুখত উপস্থিত হৈ সকলোৱে শাৰী পাতি তাত প্ৰৱেশ কৰিলো। এজাক শান্ত বতাহে আহি মনটো চুই গʼল। সঁচাই, কিমান যে ইতিহাস জড়িত হৈ আছে এই ঐতিহ্যমণ্ডিত শিৱসাগৰত।এই ৰংঘৰটো স্বৰ্গদেউ প্ৰমত্ত সিংহই ১৭৪৬ খ্ৰীঃতনিৰ্মাণ কৰাইছিল। ইয়াত উঠি স্বৰ্গদেউ আৰু পাত্ৰ মন্ত্ৰী সকলে সমুখৰ বাকৰিত হোৱা বিহু , বিবিধ খেল- ধেমালি উপভোগ কৰিছিল।
ৰংঘৰৰ পৰা প্ৰস্থান কৰি ৪:২০ বজাত আমি জয়দৌলৰ অভিমূখে গʼলো। জয়দৌলৰ সোঁফালে কাষতে আছে ইপাৰৰপৰা সিপাৰ চকুৰে ঢুকি নোপোৱা বিশাল জয়সাগৰ পুখুৰী।১৬৯৭ খ্ৰীঃত স্বৰ্গদেউ ৰুদ্ৰসিংহই মাতৃ জয়মতীৰ স্মৃতি ৰক্ষাৰ্থে এই জয়দৌল নিৰ্মাণ কৰাইছিল আৰু জয়সাগৰ পুখুৰী খন্দাইছিল। চাৰিওফালে শান্ত পৰিৱেশ।কʼতো হুলস্থূলতাই বিৰাজ কৰা নাই। একেথৰে চাই ৰʼলো বিশাল জয়সাগৰলৈ। সঁচাই, এয়াই আমাৰ অতীত গৌৰৱ শিৱসাগৰ।
প্ৰায় ৪:৪০ বজাত আমি ঘৰৰ অভিমূখে ৰাওনা হʼলো লগত এক বিৰল অভিজ্ঞতাৰ টোপোলা লৈ। চাৰ- বাইদেউ আৰু বন্ধু বান্ধৱী সকলৰ সৈতে হাঁহি - ফূৰ্তিৰ মাজেৰে আমাৰ উভতনি যাত্ৰা আৰম্ভ হʼল। কিন্তু মোৰ বাবে এই ফূৰ্তি ক্ষন্তেকীয়া হে আছিল। তাৰপাছত ক্ৰমাৎ অসুস্থ হৈ আহিলো। বাকী সকলোৰে কাণফলা চিঞৰ-বাখৰ। সকলোৱে ফূৰ্তিত মগ্ন। সকলোৰে মুখবোৰ চাই এনে লাগিল যেন সকলো দুখ- ভাগৰ পাহৰি আনন্দত একেবাৰে মতলীয়া হৈ পৰিছে। আকাশত মেঘৰ গাজনি শুনা গʼল।খুলি থোৱা খিৰীকিৰে বাহিৰত বিজুলী মৰাও দেখা পালো।কিছুসময়ৰ পাছত দিলে দবা পিটা বৰষুণ। কিন্তু লগৰবোৰৰ চিঞৰত বৰষুণৰ শব্দ ই শুনা নাপালো।খিৰীকিৰে সোমোৱা মদু বতাহজাকে আনকালৰ দৰে মন চুই যাব পৰা নাছিল যদিও মনটোত অলপ হʼলেও শান্তনা দিছিল। বৰষুণ এৰিল।লাইটৰ পোহৰত ৰাস্তাৰ দাঁতিত দেখা পালো ঠায়ে ঠায়ে জমা হৈ থকা বৰষুণৰ পানী।খিৰীকিৰে সোমোৱা মদু বতাহজাককেই একমাত্ৰ সংগী ৰূপে লৈ আগবাঢ়িলো। বহু অপেক্ষাৰ অন্তত৯:৩০ বজাত বিদ্যালয়ত আহি ভৰি দিলোহি। মোক আগবঢ়াই নিবলৈ মা- দেউতা আৰু ভন্টী দুজনী আহিল। ঘৰলৈ গৈ দিনটোৰ মধুৰ স্মৃতি বোৰকে সুঁৱৰি শুই পৰিলো।
যি কি নহওঁক। বহু দিনীয়া এটি ডাঙৰ সপোন পূৰণ হʼল। ভাল লাগিল- কত যুগতেই নিৰ্মিত পুৰণি ৰজাদিনীয়া কীৰ্তিচিহ্ন বোৰ চাই। তাতোকৈ ভাল লাগিল শিৱসাগৰৰ মনোৰম প্ৰাকৃতিক দৃশ্যাৱলী চাই। কিমান ধুনীয়াকৈ আমাৰ অতীত গৌৰৱ ঐতিহ্য মণ্ডিত কীৰ্তিচিহ্ন বোৰ চৰকাৰে সংৰক্ষিত কৰি ৰাখিছে। সঁচাই, শিৱসাগৰলৈ গৈ পৃথিৱীৰ বিখ্যাত এই কীৰ্তিচিহ্ন বোৰ চাবলৈ পাই নিজকে ভাগ্যবান বুলি ভাবোঁ।চিৰকালৰ বাবেই যাতে এই কীৰ্তিচিহ্ন বোৰ ৰক্ষিত হৈ শিৱসাগৰৰ নাম বুৰঞ্জীত উজ্জ্বলাই ৰাখে তাৰে কামনা কৰো।
Comments
Post a Comment