সপোন হালধীয়া উচাহ
সপোনৰ শেষত আহে হুমুনিয়াহ
যি মোক থেকেচি-থেতেলি
নীৰৱতাৰ প্ৰাচীৰ গঢ়ি তোলে
তোমাৰ মোৰ প্ৰেমৰ আলিবাটত
চাৰিকড়ীয়াৰ পাৰ উপচা
অভিমানী অনুৰাগৰ ঢৌবোৰে
মোৰ মন গহনত জগাই তোলে
সৰিয়হ হালধীয়া ফুলৰ উচাহ
সেয়েতো ভালপাওঁ তোমাক
নীৰৱতাৰ প্ৰাচীৰ ভাঙি
হৈ উঠিব খুজো
ভালপোৱাৰ এটি
অভিমানী অনুৰাগ !
প্ৰিয়ংকা চমুৱা
ঢকুৱাখনা, লখিমপুৰ,
Comments
Post a Comment