***** বহুত ধুনীয়া লাগে আপোনাক ***** ***********************


      বহুত ধুনীয়া লাগে আপোনাক 
 

 " আজি মই একোকেই 
 নকওঁ " বুলি
 অভিমান  কৰি
 মুখখন ওন্দোলাই থাকিলে
একেবাৰেই  বেয়া নালাগে আপোনাক
বৰঞ্চ ধুনীয়াহে লাগে ।
অভিমান  কৰিলে
কেতিয়াবা কাৰোবাক
সচাকৈ বহুত বেছি ধুনীয়া লাগে
সৌ আকাশৰ তৰাবোৰৰ দৰে
ধুনীয়া লাগে আপোনাক 
সাগৰৰ নীলা জলধাৰাৰ ধৰে
ধুনীয়া লাগে আপোনাক ।
যেতিয়া আপুনি মিঠা মিঠা অভামানেৰে
মুখখন ওন্দোলাই থাকে
সচাকৈ আপোনাক বহুত বেছি ধুনীয়া লাগে ।
  ‌‌   


 নিবেদিতা ডিম্পল

Comments

Popular posts from this blog

সৰগৰ বেলকনি (২)

Baby Doll

প্ৰেমৰ অভিনয়