সৰগৰ বেলকনি (২)
কৰোনা মহামাৰীত স্বাস্থকৰ্মীৰ ভূমিকা
মই আজি এই লিখনিটো সমগ্ৰ স্বাস্থ্য কৰ্মী সকলক লৈ লিখিবলৈ লৈছোঁ। সেইবাবে মোৰ এই লিখনটোত কোনো নিৰ্দিষ্ট বিভাগ হিচাপে উল্লেখ নকৰোঁ কাৰণ নিৰ্দিষ্ট বিভাগ হিচাপে উল্লেখ কৰিব গলে স্বাস্থ্য খণ্ডৰ লগত জড়িত বহুতো মানুহ বাদ পৰি যায়। আমি সাধাৰণতে স্বাস্থ্য খণ্ডৰ কথা কলে কেৱল ডাক্তৰ আৰু নাৰ্ছ সকলৰ কথাই কওঁ। কিন্তু স্বাস্থ্য কৰ্মী বুলি কলে ইয়াৰ ভিতৰত (মই যিমান খিনি জ্ঞাত তাৰ ভিতৰত কৈছোঁ ডাক্তৰ, নাৰ্ছ, লেবোৰতোৰী টেকনিচিয়ান, ফাৰ্মাচিষ্ট, ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ল, ক্লিনাৰ, ই চি জি টেকনিচিয়ান, এক্স-ৰে টেকনিচিয়ান, ওটি টেকনিচিয়ান, ফীজিও থেৰাপিষ্ট ইত্যাদি। গতিকে গোটেই স্বাস্থ্য কৰ্মী সকলক একেলগে সম্বোধন কৰিব লাগিলে স্বাস্থ্য কৰ্মী বুলি কোৱাৰ বাহিৰে অন্য এক উপায় নাই। নহলে এজন এজন কৈ কবলৈ গলে হয়তো মই বহুত বেছি অধ্যয়ন কৰিব লাগিব তেওঁলোকৰ কৰ্ম সম্পৰ্কে। যিহেতু স্বাস্থ্য কৰ্মীৰ বিষয়ে লিখিব লৈছোঁ গতিকে সকলোকে সামৰি লৈছে। কোভিদৰ সময়ত প্ৰতি গৰাকী স্বাস্থ্য কৰ্মীৰ অৱদান সদায় অবিস্মৰণীয় হৈ ৰব দেশৰ প্ৰতি গৰাকী নাগৰিকৰ বাবে।)
যদি সমগ্ৰ পৃথিৱীৰ লগতে ভাৰতবৰ্ষ আৰু অসমতো কৰোনা মহামাৰীৰ প্ৰাদুৰ্ভাৱ নঘটিলে হেতেন তেনেহলে হয়তো আমি লকডাউন, কোৱাৰেণ্টাইন, আইচলেচন, পি পি ই কিট, এন নাইনটি ফাইভ মাস্ক ইত্যাদি শব্দবোৰ শুনিব লগীয়াই নহ'ল হেতেন। এই কাৰণে মহামৰীয়ে সমগ্ৰ বিশ্বকে ছানি ধৰাৰ সময়ত যদি স্বাস্থ্য কৰ্মী সকলে এক সাহসী আৰু গুৰুত্বপূৰ্ণ ভূমিকা পালন নকৰিলে হেতেন হয়তো আজি মানৱ জাতিৰ অধিকাংশ জীৱনে অতীতৰ গৰাহত বিলীন হৈ গল হেতেন। যিটো সময়ত কৰোনা মহামৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছিল সমগ্র বিশ্বতে সেইটো সময়ত স্বাস্থ্য খণ্ডৰ লগত জড়িত হৈ সেৱা আগবঢ়াই থকা স্বাস্থ্য কৰ্মী সকলৰ লগতে বিজ্ঞানীসকলেও ভাইৰাছটোৰ নামাকৰণ কৰাৰ বাহিৰে অন্য একো ফলপ্ৰসূ সমাধানৰ পথ দেখাব পৰা নাছিল। সকলোৰে বাবে সেইয়া এক নতুন অভিজ্ঞতা আছিল। কৰোনা ভাইৰাছটোৰ ভয়াবহতা ইমানেই বেছি আছিল যে ই অতি সহজে এগৰাকী ব্যক্তিৰ দেহৰ পৰা আন এগৰাকী ব্যক্তিৰ দেহলৈ সংক্ৰমিত হৈছিল। যিহেতু অতি সহজে কৰোনা ভাইৰাছটো সংক্ৰমিত হৈছিল সেই বাবে এই ভাইৰাছটোৱে সমগ্ৰ বিশ্বতে এক সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। স্বাস্থ্য বিভাগ আৰু চৰকাৰে কৰোনা ভাইৰাছত সংক্ৰমিত হোৱা প্ৰতিগৰাকী ৰোগীক সাধাৰণ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৰোগীসকলৰ লগত ৰাখিব নোৱাৰিছিল। আনহাতে কৰোনা ভাইৰাছত আক্ৰান্ত ৰোগীসকলৰ বাবে আছুতীয়া কক্ষ আৰু আছুতীয়া স্বাস্থ্য কৰ্মীৰ দল নিয়োগ কৰিব লগীয়া হৈছিল। স্বাস্থ্য বিভাগ আৰু চৰকাৰে এইটো বিষয়ৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিব লগীয়া হৈছিল যে কোনো নবজাতক থকা মহিলা স্বাস্থ্য কৰ্মীয়ে যাতে কৰোনা ভাইৰাছৰ সংক্ৰমণ নোহোৱাকৈ তেওঁলোকৰ কৰ্ম সম্পাদন কৰিব পাৰে আনহাতে যিসকল বয়সীয়া আৰু কোনো ৰোগত আক্ৰান্ত স্বাস্থ্য কৰ্মী আছে তেওঁলোকক যাতে এই ভাইৰাছৰ সংক্ৰমণৰ পৰা আঁতৰাই ৰাখিব পাৰি। তথাপিও কিন্ত প্ৰায় সংখ্যক স্বাস্থ্য কৰ্মীয়ে নিজৰ নিজৰ কৰ্তব্যৰ পৰা অকমানো বিচলিত নোহোৱাকৈ নিজৰ নিজৰ কৰ্ম সম্পাদন কৰি গৈছিল আৰু আজিও কৰি গৈ আছে। চৰকাৰ আৰু স্বাস্থ্য বিভাগে যাতে স্বাস্থ্য কৰ্মী সকলে কোভিডত সেৱা আগবঢ়াই থকা সময়চোৱাত আৰু তাৰ পিছত যাতে অন্য কোনো ব্যক্তিৰ লগত সংযোগত আহিব নোৱাৰে তাৰ বাবে বহুতো নীতি নিয়ম প্ৰৱৰ্তন কৰিছিল। ঘৰৰ আপোনবোৰৰ পৰা বহুত দূৰত থাকিও কিন্তু চৰকাৰে বান্ধি দিয়া নীতি নীয়ম সমূহৰ সুন্দৰকৈ পালন কৰি নিজৰ কৰ্তব্যত নিয়োজিত হৈ আছিল আৰু আছে। যেতিয়া কোভিডৰ প্ৰথম ঢৌত সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যখনটো সাধাৰণ জনজীৱন একেবাৰে স্তব্ধ হৈ পৰিছিল সেই সময়ত কোভিডৰ বিৰুদ্ধে সাধাৰণ নাগৰিকৰ জীৱন ৰক্ষাৰ যুঁজখনত এইসকল স্বাস্থ্য কৰ্মীয়ে দিন ৰাতি একাকাৰ কৰি প্ৰথম শাৰীৰ যোদ্ধা হিচাপে নিজৰ কৰ্ম সম্পাদন কৰিছিল। যিসকল মাক দেউতাকে নিজৰ একমাত্ৰ সন্তান অবিহনে ঘৰখনত অকলশৰীয়া অনুভৱ কৰিছিল সেইসকল মাক দেউতাকেও কিন্তু দেশৰ সেই অভাৱনীয় পৰিস্থিতিত ব্যক্তিগত স্বাৰ্থৰ কথা নাভাবি নিজৰ সন্তানক সমাজৰ সেৱাত ব্ৰতী হবলৈ আগবাঢ়ি যাবলৈ বাধা প্ৰদান কৰা নাছিল। এদিন মাক বা দেউতাক ওচৰত বহি ভাত নাথালে ভাত নাখাও বুলি ঠেঁহ পতা সন্তানক দেউতাকৰ অনুপস্থিত মাকে অথবা মাকৰ অনুপস্থিত দেউতাকে সৈমান কৰাই ভাত খুৱাইছিল যাতে তেওঁৰ স্বামী বা তেওঁৰ পত্নীয়ে নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰিব পাৰে। নিজৰ কৰ্তব্যৰ বাবেই হওক বা কৰ্তব্য পালন কৰাৰ পিছত যেতিয়া কিছুদিন কোৱাৰেণ্টাইন হৈ থাকিব লাগে সেই সময়ত নিজৰ পিতৃ মাতৃৰ মৃত্যু হোৱাত সৎকাৰ বা জানাজাৰ সময়ত উপস্থিতি থাকি নিজ পিতৃ বা মাতৃক শেষ শ্ৰদ্ধা খিনি জনোৱাৰ পৰাও বঞ্চিত হোৱাৰ নজীৰ আছে। কৰোনা মহামাৰীৰ বাবে দেশত সাধাৰণ জনজীৱন স্তব্ধ হৈ থকাৰ সময়ত স্বাস্থ্য কৰ্মী সকলে যেতিয়া বহুত দূৰত থাকি নিজৰ কৰ্ম সম্পাদন কৰি আছিল সেই সময়ত সেই স্বাস্থ্য কৰ্মীসকলৰ যিমান মন গলেও নিজৰ আপোন মানুহবোৰক লগ পোৱা সৌভাগ্য হোৱা নাছিল। যিমান মন গলেও নিজৰ আপোন ঘৰখনলৈ এবাৰ যোৱাৰ বাবে অনুমতি নাছিল। কৰ্তব্য সমাপন কৰাৰ পিছত চৰকাৰ বা স্বাস্থ্য বিভাগে নিৰ্ধাৰণ কৰি দিয়া স্থানৰ বাহিৰে অন্য কোনো ঠাইলৈ যোৱাৰ অনুমতি নাছিল। যিটো সময়ত ৰাজ্যত গৰমৰ প্ৰকোপে চৰম সীমা অতিক্ৰম কৰিছিল সেইটো সময়তে কৰোনা মহামাৰীৰ প্ৰকোপত ৰাজ্যবাসীয়ে ত্ৰাহি মধুসূদন সুৱঁৰিছিল। সেই গৰমৰ সময়তো স্বাস্থ্য কৰ্মী সকলে কিন্তু প্লাষ্টিক সদৃশ পি পি ই কীট পিন্ধি আঠৰ পৰা বাৰ ঘণ্টালৈ নিজৰ কৰ্ম সম্পাদন কৰিছিল। গৰমৰ প্ৰকোপ সয্য কৰিব নোৱাৰি বহুতো স্বাস্থ্য কৰ্মী নিজৰ কৰ্তব্য স্থলীতে ঢলি পৰিছিল কিন্তু তাৰ পিছতো দ্বিতীয় দিনা দুগুণ উদ্যমেৰে সেই স্বাস্থ্য কৰ্মী সকলে পুনৰ নিজৰ কৰ্ম সম্পাদন কৰিবলৈ আগবাঢ়ি আহিছিল।
যিহেতু কৰোনা ভাইৰাছৰ পৰা সাধাৰণ জনতাৰ লগতে চৰকাৰী শাসন যন্ত্ৰৰ ব্যক্তি সকলকো বচাই ৰাখিবলৈ যৎপাৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছিল তেনে স্থলত স্বাস্থ্য কৰ্মী সকলো এই ভাইৰাছৰ কৰাল গ্ৰাসৰ পৰা বাছি যাব পৰা নাছিল। লাহে লাহে এজন দুজনকৈ বহুতো স্বাস্থ্য কৰ্মী কৰোনা ভাইৰাছৰ দ্বাৰা আক্রান্ত হবলৈ ধৰিছিল। বহুতো স্বাস্থ্য কৰ্মীৰ দেহত ধৰা পৰা কৰোনা ভাইৰাছৰ বাবে কিছুমান লক্ষণ দেখা দিছিল যদিও সোনকালে আৰোগ্য হৈ উঠিছিল। পৰৱৰ্তী সময়ত সেই স্বাস্থ্য কৰ্মী সকলে পুনৰ কৰ্মস্থলীত যোগদান কৰিছিল। কিন্তু তাৰ মাজত এনেকুৱাও বহুত স্বাস্থ্য কৰ্মী আছিল যিসকলৰ দেহত ধৰা পৰা কৰোনা ভাইৰাছৰ বাবে কিছুমান লক্ষণ দেখা দিছিল আৰু তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। এনেকুৱাও সময় আহিছিল যে তাৰ মাজৰ বহুতো স্বাস্থ্য কৰ্মীয়ে এই ভাইৰাছৰ কৰাল গ্ৰাসত পৰাৰ পিছত পুনৰ আৰু আমাৰ মাজলৈ ঘূৰি আহিব পৰা নাছিল। অতি নিষ্ঠাৰে আৰু নিয়াৰিকৈ নিজৰ কৰ্তব্য পালন কৰি আনৰ জীৱন বচাবলৈ আহোপুৰুষাৰ্থ চেষ্টা কৰা সেই স্বাস্থ্য কৰ্মী সকলে অৱশেষত সকলোকে কান্দুৱাই হৈ ইস সংসাৰৰ পৰা মেলানি মাগিছিল। অতি সাহসেৰে, নিঃস্বাৰ্থভাৱে আৰু উদ্যমেৰে নিজৰ কৰ্ম সম্পাদন কৰি হাজাৰ জনক জীৱন দান দিছিল কিন্তু সেইজন স্বাস্থ্য কৰ্মীয়ে যেতিয়া আনক জীৱন দান দিয়া ভাইৰাছটোৰ বিৰুদ্ধে যুঁজি মৃত্যুবৰণ কৰে তাৰ পিছত বহুতে দুখ প্ৰকাশ কৰিবলৈ শোক বাৰ্তা সামাজিক মাধ্যমত প্ৰেৰণ কৰে আৰু কিছুদিন পিছত তেওঁ পাহৰণিৰ গৰ্ভত বিলীন হৈ যায়। সমাজৰ বাবে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি নিজৰ কৰ্ম সম্পাদন কৰা স্বাস্থ্য কৰ্মী সকলে কিন্তু মৰ্য্যদা নাপালেও আজিও কৰোনা মহামৰীৰ বিৰুদ্ধে চলি থকা যুজঁ খনত অতি সাহসেৰে, নিষ্ঠাৰে আৰু নিঃস্বাৰ্থ ভাবে যুঁজি গৈ আছে। আজিও স্বাস্থ্য কৰ্মী সকলে বহুতো অভাৱ অভিযোৰ মাজেৰে নিজৰ কৰ্ম নিয়াৰিকৈ কৰি গৈছে। কোভিডৰ সময়ত চৰকাৰে কাম কৰোৱাই বহুতো কৰ্মচাৰী প্ৰাপ্য বেতন নিদিয়া আৰু ব্যৱহাৰ কৰি প্ৰয়োজন শেষ হিয়াৰ পিছত চাকৰিৰ পৰা অব্যাহতি দিয়া বুলিও কিছুমান উত্থাপিত হৈছিল। যদি স্বাস্থ্য কৰ্মী সকলে তেওঁলোকে পাব লগা মৰ্য্যদা লগতে অন্যান্য সা-সুবিধা খিনি পাই তেনেহলে হয়তো স্বাস্থ্য কৰ্মী সকলে আৰু দুগুণ উৎসাহেৰে কাম কৰিবলৈ আগবাঢ়ি আহিব। তেতিয়া হয়তো আমি আমাৰ স্বাস্থ্য খণ্ডৰটোক আৰু অধিক উন্নতিৰ শিখৰত আৰোহণ কৰা দেখিবলৈ পাম। যেতিয়ালৈকে স্বাস্থ্য খণ্ডৰ সম্পূৰ্ণ আন্তঃগাঁথনিৰ লগতে পৰ্যাপ্ত স্বাস্থ্য কৰ্মী নাথাকে তেতিয়ালৈকে আমি আমাৰ স্বাস্থ্য খণ্ডটোত নানান ধৰণৰ অসুবিধাৰ সন্মুখীন হৈ অহাটো স্বাভাৱিক। বহু সময়ত কিছুমান স্বাস্থ্য কৰ্মীৰ বিৰুদ্ধে কিছুমান অভিযোগ উত্থাপিত হোৱা দেখা যায়। তাৰ মাজৰ কিছুমান অভিযোগ সঁচা প্ৰমাণিত হৈছে আৰু কিছুমান মিছা প্ৰমাণিত হৈছে। সকলো ঠাইতে ভাল বেয়া দুয়োটা মানুহে থাকে। গতিকে এজন দুজন বেয়া মানুহৰ বাবে গোটেই স্বাস্থ্য কৰ্মী সকলক আমি বেয়া বুলি কব নোৱাৰো অথবা বেয়া বা সন্দেহৰ চকুৰে ছোৱাটো অনুচিত হব। স্বাস্থ্য কৰ্মী সকলে এই কৰোনা মহামৰীৰ সময়ত দেশৰ হকে যি সেৱা আগবঢ়ালে সেই সেৱা দেশে চিৰদিন মন ৰখাটো অত্যন্ত জৰুৰী। যিদৰে যুদ্ধত জয়ী হোৱাৰ পিছত সৈনিক সকলক পাহৰি কেৱল সেনাপতি গৰাকীক হে ৰাইজে মন ৰাখে ঠিক তেনেদৰে যাতে এই কাৰণে মহামাৰীত ৰাইজক নিঃস্বাৰ্থ সেৱা আগবঢ়োৱা এই স্বাস্থ্য কৰ্মী অৰ্থাত কোভিড সেনানী সকল যাতে পাহৰি নাযায় জনতাই। সদৌ শেষত কোভিড সেনানী সকললৈ আমাৰ জীৱন জীয়াই থকাত অনবদ্য অৰিহণা জাগোৱা বাবে কোটি কোটি প্ৰণাম।
🖋️ দেবর্ষি গৌতম
Comments
Post a Comment