সৰগৰ বেলকনি (২)

নিষিদ্ধ প্ৰেম


নাই, 
আৰু নপৰো 
আপোনাৰ প্ৰেমত
আৰু নফচো আপোনাৰ 
মিঠা হাঁহিৰ জালত, 
এইবাৰ আপুনি 
যিয়েই নকওঁক কিয় !
অথবা যিয়েই নকৰক কিয় !
আপোনাৰ প্ৰতি 
ভালপোৱাবোৰৰ উন্মেষ
এই হৃদয়ত পুনৰ ঘটিবলৈ 
দিয়া নহব, 
বুজিছে !
এইবাৰ মুঠতে আপোনাৰ প্ৰেম
এই বুকুত চিৰকালৈ নিষিদ্ধ । 

আচলতে প্ৰতাৰণাৰ বলি হোৱা হৃদয়ে
এতিয়া ভয় কৰিছে !
আপোনাক দ্বিতীয় সুযোগ দিবলৈ ৷
কিয়নো কলিজাৰ টুকুৰাবোৰ 
বুটলাটো বহুত কষ্টকৰ, 
বিশ্বাস কৰা নিশাবোৰ বিষাদৰ হৈ পৰে 
পলকতে চকুৰ পৰা বৈ অহা অশ্ৰুৱে 
তুমি যে এতিয়া অবিশ্বাসী
সেইয়া কৈ উঠে ঘনে ঘনে, 
নাহ, নহ'ব আৰু আপোনাক মোৰ 
এই হৃদয় দিয়া
আপুনি বৰ দ্বায়িত্বহীন হে.. 
মই জানো আপুনি যে
আকৌ ভাঙি পেলাব এই হৃদয়
হাজাৰ টা টুকুৰা কৰি।।

চিন্ময় বৰা। 
বিশ্বনাথ চাৰিআলি।

Comments

Popular posts from this blog

সৰগৰ বেলকনি (২)

Baby Doll

প্ৰেমৰ অভিনয়