সৰগৰ বেলকনি (২)
মোৰ পৰা তোমালৈ
তেওঁক মই বিচাৰি ফুৰিছোঁ
নাজানো কি হেৰুওৱাৰ বেদনাত।
আজি গভীৰ অৰণ্যলৈ সোমাই গৈছো,
কাইলৈ ৰাতিবোৰ বুকুত বান্ধি ঘূৰি ফুৰিছোঁ।
পাহাৰবোৰ পালে ক্ষন্তেক জিৰাওঁ,
ফুলবোৰ দেখিলে প্ৰেমহীনতাত ভুগো।
তথাপিতো বিচাৰি আছোঁ
তৰাৰ হাতত গজালি মেলা
সপোনবোৰ ধাৰ কৰি কেতিয়াবা চকুলো টুকিছো।
ইমান দীঘল বাট পাৰ হ'লো...
তথাপিও এন্ধাৰৰ খোপনি যোৱা নাই।
শিমলু ফুলাৰ উশাহত বিয়পে
সুগন্ধিময় বতাহ।
কিছুমান কথা নোকোৱাকৈয়ে থাকিল...
মোৰ পৰা তোমালৈ, তোমাৰ পৰা মোলৈ
ইমান দীঘল বাট!
এতিয়া উমলি থকা জোনটোৱে জানে - ভালপোৱাৰো কথা থাকে!
✍️ বিকাশ শৰ্মা
Comments
Post a Comment