সৰগৰ বেলকনি (২)
দামিনী
নাৰী দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানটোত মল্লিকা বৰুৱা ই নিজৰ ভাষনেৰে উপস্থিত লোক সকলৰ পৰা এটা দীঘলীয়া হাত চাপৰি আদায় কৰি প্ৰফুল্ল মনে ঘৰ পালেহি। ঘৰৰ মেইন দুৱাৰ খন খুলিবলৈ চাই দেখিলে যে ভিতৰৰ পৰা লক কৰি থোৱা আছে। তাৰ মানে গিৰিয়েক সুশান্ত বৰুৱা ঘৰত আছে! আনদিনা গধূলি সময় তেওঁ ঘৰত নাথাকে; ওলাই যায় অলপ। আজি আকৌ ঘৰতে আছে যে! গা-চা বেয়া লাগিছে নেকি? দুপৰীয়া লৈকে তো ঠিকেই আছিল। দুপৰীয়া খাই বৈ বৰুৱা ই জিৰনি ললে বিচনাত;আৰু মল্লিকা বৰুৱা মিটিঙলৈ বুলি লৰালৰিকৈ ওলাই গ'ল।
তিনি চাৰিবাৰ কলিং বেল টিপাৰ পিছত বৰুৱাই দুৱাৰ খুলি দি গপ গপাই পুনৰ বেডৰুমলৈ কে সোমাই গ'ল। বৰুৱা ৰ আচৰণ দেখি মনটো সেমেকি গ'ল মল্লিকা ৰ। একো নকৈ তায়ো চিধা বেডৰমলৈকে গৈ কাপোৰ সলাবলৈ লৈছিল হে;বৰুৱাৰ তাচ্ছিল্য ভৰা কথা খিনি য়ে তাইৰ বুকুয়ে-পিঠিয়ে হানি ধৰিলে-ঠিক গ্ৰেষ্টিক বেচি হলে শৰীৰৰ বুকু-পিঠিলৈকে বিয়পি যোৱাৰ দৰে!
"নাৰী দিৱসত ভাষণ দি দেশৰ নাৰী উদ্ধাৰ কৰিবলৈ যায়! ইফালে নিজৰ ঘৰখনত চকু দিবলৈ নাই! ল'ৰা বোৰ তো ডাঙৰ হৈ ভাগে-ভাগে নিজৰ কৰ্মস্থলীত আছে;ঘৰখনত এতিয়া মইহে সকলো ফালে চকু দি চকীদাৰ হৈ থাকিব লগীয়া হৈছে।কাৰ নো সময় আছে এইবোৰলৈ? মিটিঙৰ নামত, সামাজিক কামৰ নামত বাহানা কৰি ওলাই যাব পাৰিলেই হ'ল! টিঘিল-ঘিলাই ফুৰিব!"
মল্লিকা বৰুৱাই নাৰী দিৱসত দি অহা ভাষণ টোৰ কথাবোৰে নিজৰেই কাণত প্ৰতিধ্বনি হৈ থহৰ থহৰ কৈ বিন্ধিবলৈ ধৰিলে-"আজি বহুতো নাৰী পদে পদে অপমানিতা , লাঞ্চিতা-বঞ্চিতা পুৰুষৰ দ্বাৰা। কিন্তু তাৰ ভিতৰতো এনে কিছুমান সৌভাগ্যৱতী সফল নাৰী আছে যাৰ আঁৰত নিজৰ স্বামীৰ হাত আছে। জীৱনত তেনেকৈ বিশেষ সফল বুলি নকওঁ;কিন্তু মই সৌভাগ্যৱতী বুলি নিজকে কম। কিয়নো মোৰ স্বামীয়ে মোক আগবাঢ়ি যোৱাত সদায় অৰিহণা যোগায় আহিছে!-----। "
কিৰণ ডেকা, তেজপুৰ
বিঃদ্রঃ-
নাৰী দিৱসত সেই সকল নাৰীলৈ উৎসৰ্গিত-যি সকলে নিজৰ ঘৰ চম্ভালাৰ ওপৰিও বাহিৰলৈ খোজ পেলালে নিজৰেই ঘৰৰ পৰিয়ালৰ পৰা তাচ্ছিল্য ও বাধা পায় !
Comments
Post a Comment