সৰগৰ বেলকনি (২)

তোমাৰ বাবে
                       


প্ৰকৃতিৰ এই চিৰসুন্দৰ ধৰণীত
মই মাথো আবদ্ধ তোমাৰ প্ৰেমৰ আবেষ্টনীত।
তোমাৰ ভালবোৰ, মোৰ ভাললগা বোৰ লৈ।
মই তোমাৰ প্ৰেম সাগৰৰ প্ৰেমিক।
ৰৈ আছো মই তোমাৰ বাবে
সীমাহীন মৰম যাচিব'লে।
অভিমান কৰিছা নে? মোৰ প্ৰতি
নাহা কিয় তুমি?
কৃষ্ণচূড়াৰ তলত বহি
ৰৈ আছো তোমাৰ বাবে
আহিবা জানো এবাৰ চাবলৈ।
তোমাৰ হৃদয়ৰ
ৰং ৰূপেৰেই
হৃষ্ট-পুষ্ট মোৰ মন,
যাৰ বাবে তুমি হৈ পৰিছা
মোৰ হৃদয়ৰ এটি জোন।
তোমাৰ বাবে মোৰ হৃদয়ক
কৰি দিছো দান,
ৰাখিবা এই দানৰ উচিত মান।
সময়ৰ সোঁতত যোৱা যদি আঁতৰি
গৈ থাকিম তোমাক বিচাৰি।
শেষ মুহূৰ্তত নকৰিবা অৱহেলা
তুমি অবিহনে মই অকলশৰীয়া।
যদি দুখত থাকা নিজান বনত
থিয় দিম তোমাৰ কাষত,
কিয়নো, মই তোমাৰ বাবে।
     

✒ ফাৰুক আহমেদ
                      মাটিখোলা,হোজাই,(অসম)
                      

Comments

Popular posts from this blog

সৰগৰ বেলকনি (২)

Baby Doll

প্ৰেমৰ অভিনয়