সৰগৰ বেলকনি (২)
নতুন বছৰ! নতুন চিন্তা!
আহিছে আকৌ এটা বছৰ
অনেক অনুভৱ লৈ,
আদৰা হে মানৱ জাতি
বন্তি জ্বলাই লৈ।।
মহান পুৰুষৰ চেষ্টাত আজি
পৃথিৱী উন্নতিৰ স্তৰত,
ধৰাৰ সকলো মানুহেই এক
নিজেই উন্নতিৰ কাৰক।।
আহিছে এটা নতুন বছৰ
আনিছে নতুন চিন্তা,
লগতে আনিছে আনন্দৰ ঔষধ
আঁতৰাব সেই বিষণ্ণতা।।
বিশদ ভাবনাই গীত গাই
নতুন বছৰৰ পৰশত,
অভিপ্সাবোৰ যেন পূৰ হওঁক
সন্তুষ্টি লভক জীৱনত।।
মূমুৰ্ষ মানৱ জী উঠিছে
নতুন বছৰৰ আগমনত,
বাজিচে বেণু মিশ্ৰিত হৈ
ৰচিছে সুৰ আনন্দত।।
যাবলৈ নিদিবা এইটো বছৰ
আনন্দবোৰক সামৰি,
নৃতত্ত্ব জ্ঞান লোৱা হে মানৱ
নতুনত্বক লোৱা আদৰি।।
নতুন বছৰৰ নতুন চিন্তা
কৰিবলৈ অগ্ৰসৰ হোৱা,
সময়ৰ এই বিৰল গতিক
আশীৰ্বাদ স্বৰূপে লোৱা।।
✍️সুশান্ত দাস, শিৱসাগৰ
Comments
Post a Comment