সৰগৰ বেলকনি (২)
দুর্ভাগ্য
তোমাৰ মনত আছে নে বাৰু ?
প্রথমে তুমি মোক কোনো দিন আতৰি নোযোৱাৰ প্রতিশ্রুতি দিয়া সেই নিষ্ঠুৰ সত্যক ??
ইমান গৰম পৰিছিল সেইদিনা,
কৃষ্ণ জন্মাষ্টমী আগদিনা খন তোমাৰ সৈতে লগ হৈছিলো, এক ভার্ছুৱেল পৃথিৱীৰ জড়িয়তে...
এক অদ্ভুত অনুভৱ সৃষ্টি হৈছিল তোমাক লগ পোৱা সেই বিশেষ দিনটোত,
কিন্তু সেই অনুভৱে মোক আজিও চকুলো তিয়াই ....
অনুভৱবোৰ অনুভৱ হৈয়ে থাকি গ'ল,
আশাবোৰ মৰহি গ'ল....
তোমাৰ লগত খুঁজত খুঁজ মিলাই যাব নোৱাৰিলো,
তথাপিওঁ তোমাক কিয় ভাল লাগে জানা?
তোমাৰ মনটো...
সুৱ সহজ সৰল মনটো...
আন দহজনীতকৈ বেলেগ,
তোমাৰ মানৱতাৰ গুনখিনি,
নিজৰ লগতে আনক বুজি পোৱা সেই সৰল মনটো মোৰ প্রিয়,
তোমাৰ মৌনতাৰ মাজত এবাৰ সোমাই চাব মন যায়,
কিমান দূৰৰ লৈকে ভাবিব পৰা শক্তি আছে তোমাৰ,
তোমাৰ সেই সেউজীয়া সাঁজ যোৰ সৈতে মিলিব নে তোমাৰ হৃদয় খন?
তোমাৰ পৰা বহুত বেছি একো নাপালো,
অলপমান বিষাদ পালো যদিও সেইয়া কেৱল মোৰ ভুল অনুভৱ আৰু ভুল ধাৰনাৰ বাবে....
পিছে তুমি মোৰ সদাই প্রিয় হৈ থাকিবা
ভাল লাগে তোমাৰ কথাবোৰ,
তোমাৰ সহজ-সৰল মনটো,
তোমাৰ সেই উচ্চচৰ বিশাল মনটো,
কেনেকৈ যেন চিনাকী হৈছিলো....
ভাবিলেই হেঁচা মাৰি ধৰে বিষেশ বিষাদে .....
মোক বেয়া পাই নাথাকিবা দেই...
মই তোমাক ভাল পাইছিলো বাবে ভাল লগাবোৰ প্রকাশ কৰিছিলো,
কি কৰিবা ?
এইয়া যে মোৰ দুর্ভাগ্য ।
দেৱজীৎ দাস
নামতি বাউলী পুখুৰী (শিৱসাগৰ)
Comments
Post a Comment