সৰগৰ বেলকনি (২)
মানুহ হিচাপে
কাৰ সন্মান কিমান?
মানুহ হিচাপে কাৰ সন্মান কিমান ?
চিকিৎসালয়ত চিকিৎসক এজনৰ সন্মান বহুত সেইবুলি ছুইপাৰ জনৰ মূল্য নাই বুলি ক'ব নোৱাৰোঁ, কাৰণ ছুইপাৰ জনে চিকিৎসালয় খন পৰিষ্কাৰ নকৰিলে তাত আমি গেলা পচা গোন্ধৰ বাবে থাকিব নোৱাৰোঁ।
অফিচত গৈ অফিচাৰ জনক মূল্যবান ভাবি কেৰাণী জনক অমূল্য জ্ঞান কৰিব নোৱাৰোঁ ,
কাৰণ কেতিয়াবা কিছুমান কাম আমি কেৰাণী অবিহনে কৰিব নোৱাৰোঁ।
উচ্চ ন্যায়ালয়ত গৈ ন্যায়ধীশ জনক মূল্যবান ভাবি চকিদাৰ জনক অমূল্য জ্ঞান কৰিব নোৱাৰোঁ কাৰণ,
চকিদাৰ জনেও আমাক সময়ত সহায় কৰে।
নিজৰ ব্যক্তিগত চাৰিচকীয়া বাহন আছে বুলি ৰিক্সা চলোৱা ব্যক্তিজনক অসন্মান কৰিব নোৱাৰি কাৰণ সময়ত ৰিক্সা চালকজনৰ পৰাওঁ আমাৰ বহুত উপকাৰ হ'ব পাৰে।
আপুনি শিক্ষক সেইবুলি ছাত্ৰ-ছাত্ৰীক হেওঁ প্ৰতিপন্ন কৰিব নোৱাৰে কাৰণ ছাত্ৰ-ছাত্ৰী অবিহনে শিক্ষক আধৰুৱা।
আপুনি এই ৪০ডিগ্ৰী গৰমত নাতিশীতোষ্ণ ৰুমত বহি আছে সেয়ে ৪০ডিগ্ৰী গৰমত আপোনাক পাচলিৰ যোগাৰ দি আছে বা খেতিত কাম কৰি আছে নাইবা ডেলিবাৰি ভয় হিচাপে আপোনাৰ অৱাডাৰ কৰা বস্তু দিব আহিছে সিহঁতক হেওঁ প্ৰতিপন্ন নকৰিব,
মনত ৰাখিব সিহঁতৰ কঠোৰ পৰিশ্ৰমৰ বাবে আপোনালালোকে নাতিশীতোষ্ণ ৰুমত বহি খাব পাৰিছে।
আচলতে মানুহ হিচাপে কাৰো সন্মান জুখিব নোৱাৰি
যাৰ মানসিকতা যেনেকুৱা তেওঁৰ ওচৰত তাৰ সন্মান তেনেকুৱা।
মানুহক মানুহ হিচাপে সন্মান কৰক ........
✍️তনজুমা আহমেদ।
বঙাইগাঁও ( লেংটিছিঙা)
Comments
Post a Comment