সৰগৰ বেলকনি (২)
তুমি মোহাৰি যোৱা সেই হিয়াৰ বেদনা
তুমি আঁতৰি যাবা ?__
যোৱা গৈ।
মই কাবৌ নকৰোঁ, মোৰ হৈ থাকিবলৈ।
মই দুখ কৰিম,সচা__
কিন্তু তোমাক কোনোদিনেই দুৰ্বল নকৰো।
তোমাৰ উজ্বল মুখ খনত
কোনোদিনেই শোকৰ ছাঁ পৰিব নিদিও।
গোটেই জীৱনৰ মাত্ৰ এটি ক্ষণত তোমাক বিচাৰিছিলো-----
মোৰ উকা শীৰ গছি পুৰাবলৈ
কেৱল তোমাকেই কাষত বিচাৰিছিলো
মোৰ হিদয়ৰ সেই স্থান শূণ্য কৰি
এৰি গুচি গলা তুমি।
কেতিয়াবা আহিবানে আকৌ ঘূৰি।
সেই স্মৃতিৰ পাপৰিক আদৰি।
বৰষা কাকতি
Comments
Post a Comment