সৰগৰ বেলকনি (২)

প্ৰাপ্তিৰ বন্যা

        সঞ্জিতৰ ভনীয়েকে প্ৰৱেশিকাত জিলাখনৰ ভিত্তিত আজি অত দিনৰ কষ্টৰ সুফল পালে, ক'বলৈ গ'লে বিদ্যালয়ৰ ভিতৰত ষ্টেণ্ড কৰিলে; আনকি নিজৰ জিলাৰ ইমানবোৰ নানান শিক্ষা প্ৰতিষ্ঠানৰ সহস্ৰ বিদ্যাৰ্থীৰ ভিতৰতো প্ৰথম স্থানৰ তালিকাত তাইৰ নাম উজ্বলি উঠিল। গতিকে চুবুৰীৰ আদ্যোপান্তে চহৰ/নগৰৰ সৰ্বগণে তাইক আদৰ, প্ৰশংসাৰে উপচাই তুলিছে। পাৰ্যমানে বহুলাংশে দামী ব্ৰেণ্ডৰ মিঠৈ খুৱাইছে, পৰিয়ালৰ অৰ্ধাংশই বিবিধ আকৰ্ষণীয় উপহাৰ প্ৰদান কৰিছে। একমাত্ৰ ভনীৰ সুনামী আহ্লাদত সঞ্জিতো আজি আত্মহাৰা।
      পঢ়া-শুনাৰ উপৰিও যিহেতু এগৰাকী অনন্য প্ৰতিভাৰ অধিকাৰী, সেয়েহে শৈশৱ কালৰ পৰাই জনপ্ৰিয় এজনী আলাসৰ কিশোৰী আজি তাই। মুঠতে এণ্ট্ৰেন্স উত্তীৰ্ণৰ এই দিনটোত প্ৰাপ্তিৰ নব্যোত্থানে তাইক উল্লাসৰ মিচিকনিৰে অনাগত দিনলৈও আশীষ দিছে সৱেৰে।


দিপিকা কামান, 
চিনাতলীয়া, 
লখিমপুৰ, অসম(৭৮৭০৩১),

Comments

Popular posts from this blog

সৰগৰ বেলকনি (২)

Baby Doll

প্ৰেমৰ অভিনয়