সৰগৰ বেলকনি (২)
ৰিম জিম আৰু হিয়া
ৰিম জিম আৰু হিয়া মোৰ ভতিজা । তেজৰ সম্পৰ্ক নাই সিহঁতৰ লগত মোৰ। সিহঁতৰ দেউতাকক মই এটা অনুষ্ঠানত চিনাকি হৈছিলো। তাৰ পিছত সিহঁতৰ ঘৰলৈ মোৰ দুই এবাৰ অহা যোৱা হল। বোৰ বেছি ডাঙৰ আকৰ্ষণীয় ঘৰ নহলেও দাদা বৌ আৰু মইনা ২জনি এ ভাল কৈয়ে খাই পিন্ধি জীৱন নিৰ্বাহ কৰি আছে। দাদা খুব সামাজিক , সমাজৰ কাম কাজ ত লাগি থাকে ৰিনা বৌৱে ঘৰ ৰ ওচৰতে সৰু কৈ পান দোকান এখন দিয়ে দাদায়ে সময় পালে সহায় কৰে। দুজনী জীয়েক ৰ সৈতে কাম বন খিনি ও বয়ে নিজেই কৰি ঘৰ খন চলাই নি আছে । দাদা য়েও বেছি নহলেও সামাজিক কাম ৰ লগে লগে পৰিয়াল টোৰ প্ৰতি থকা নিজৰ দায়িত্ব বোৰ ভাল কয়ে পালন কৰে। দাদা হঁতৰ ডাঙৰ জনী ছোৱালী ৰিমঝিম গুৱাহাটীত পঢ়ি আছে। সৰু হিয়া জনী নৱন মান শ্ৰেণীত পঢে তাইও বায়েকৰ নিচিনা পঢ়া শুনাৰ লগত নাচ গান অভিনয় আদিত বিৰাট ভাল আৰু ২ জনী ছোৱালী এই দাদা ৰ দৰেই সামাজিক। দুই জনীয়ে নাচৰ প্ৰতিযোগিতা বোৰত ভাগ লৈ পুৰস্কৃত হোৱাৰ লগতে কেই টকা মান ঘৰলৈ ও আনি আছে। ভাল লাগে ঘৰ খনৰ পৰিবেশ টো । মই যেতিয়াই সিহঁতৰ ঘৰলৈ যাও বৰ মৰম কৰে। সেই দিনা ৰাতি দাদা ৰ ফোন এটা মোলৈ আহিল । কলে বুলে সৰু মইনা ৰ কালিলৈ শ্বুটিং এটা আছে আৰু তাই বুলে ওচৰতে পতা এটা মডেলিং শ' ত ভাগ লব। মোৰ শুনি ভাল লাগিল তাইৰ হৈ দাদা কে অভিনন্দন জনালো। তাৰ পিছত দাদা ৰ মাত টো আন দিনত কৈ অলপ বেলেগ হৈ উঠিল। মানে অনুভব হল যেন দাদা এ মনে মনে কান্দি উঠিছিল। তেওঁ কলে ৰীমা বোৱে ৰিমঝিম ৰ ওচৰলৈ গল কালিলৈ আহি পাব চাগে। মোক পাৰিলে অলপ সহায় কৰিবলৈ মাতি পঠালে তাৰ পিছত মই কলোঁ মোৰ যাবলৈ মন টো আছেই কিন্তু দাদা এই কেইদিন মোৰ অলপ পইছাৰ অসুবিধা চলি আছে। দাদা হত মোৰ ঘৰ ৰ পৰা প্ৰায় ১০০ কিলোমটাৰ মান আঁতৰত থাকে । যোৱা অহাত অলপ পইছাৰ প্ৰয়োজন হয়। সেই কেই দিনত মোৰ ঘৰ টো এটা ডাঙৰ সমস্যা হৈ থকাৰ বাবে মই অলপ পইছাৰ অসুবিধা ত আছিলোঁ। মোৰ কথা খিনি শুনি দাদাই কৈ উঠিল কবলৈ লাজ লাগিছে কিন্তু মোৰ হাতত আজি এটকা ও নাই। মইনাৰ কাইলৈ থকা শ ' টোৰ বাবে এযোৰ জোতা লাগে। কিনিবলৈ গৈ গম পালোঁ ১৫০০ মান লাগিব । ৰীমাৰ লগত আলোচনা কৰি লগৰ বন্ধু এজনৰ পৰা টকা কেইটা ধাৰ ত লৈ আনি দিলোঁ। তেওঁ প্ৰায় কান্দি উঠিল মোৰো চকুৰে পানী নিগৰিবলৈ ধৰিলে । যি সময়ত ছোৱালী জন্ম হলে ঘ্ৰাণ তে নষ্ট কৰা হয় সেই সময় ত এই দৰিদ্ৰ পৰিয়াল টোৰ কথা খিনি এ মোক আকৰ্ষিত কৰিলে আৰু দাদাৰ প্ৰতি থকা মোৰ সন্মান আৰু বেছি হৈ গল। মন গৈছিল দাদা ক কোটি কোটি প্ৰণাম জনাও। এনে চিন্তা ধাৰা ৰ মানুহ যদি আমাৰ সমাজ ত বৃদ্ধি পায় তেতিয়া সঁচাই সমাজ খন সুন্দৰ হৈ পৰিব।
প্ৰীতি স্মিতা বৰা
Comments
Post a Comment