সৰগৰ বেলকনি (৩)

সৰু সৰু কিছু কথা

    সকলো জ্ঞান উপদেশ কিতাপত পোৱা নাযায় । কিছুমান জ্ঞান, বিবেক সময়ৰ লগে লগে সৃষ্টি হয় মানুহৰ মন মগজুত । কিন্তু তাৰ মাজতো কিছুমান উচ্চ শিক্ষিত থাকে যাৰ মগজুত হয়তো এনে সৰু সৰু কথা শিকিব বা অনুধাৱন কৰিব পৰা ক্ষমতা নাথাকে বা সৃষ্টি নহয় । 
        হোষ্টেলৰ প্ৰতিসাঁজৰ বজাৰ প্ৰত্যেকদিনে কৰা হয় । পাল পাতি বজাৰ কৰোঁ দৈনিক বজাৰত । এদিন বজাৰ কৰিব আহোঁতে লগ পাওঁ ওচৰৰে এজন চিনাকি ভদ্ৰলোকৰ সৈতে । দুয়োৱে বজাৰ কৰা আৰম্ভ কৰোঁ । বজাৰ কৰি কৰি গৈ থাকোঁতে প্ৰত্যেক বিক্রেতাই গ্ৰাহকক আকৰ্ষণ কৰাৰ দৰে এজন আদহীয়া বিক্রেতাই আমাক সোধে 'কিবা লাগিব নেকি ?'। তেওঁ বিক্ৰী কৰিবলৈ অহা নেমুটেঙা আৰু শাক ইমান এটা সতেজ হৈ থকা নাছিল । তাকে দেখি মই হাঁহিমুখে উত্তৰ দিলোঁ 'নালাগে দিয়ক, আমাৰ বজাৰ কৰা হলেই' । ততমুহূৰ্ততে মোৰ চিনাকি ভদ্ৰলোকজনে বিক্রেতাজনক উদ্দেশ্যি কলে 'তোৰ এইবোৰ কোনে কিনিব ! পেলাই নিদিয় কিয় ?' । কথাষাৰ শুনি বিক্রেতাজনে একো মন্তব্য নকৰিলে যদিও তেওঁৰ মুখ দেখি বুজা গল হয়তো তেওঁ কথাষাৰত কিছু আঘাত পাইছে । নাপাব বা কিয় ? ঘৰৰ টেঙা আৰু বাৰীৰ শাককেইডাল বেছি ঘৰলৈ আন প্ৰয়োজনীয় বস্তু নিম বুলি আশা কৰি হয়তো তেওঁ বজাৰলৈ আহিছে । তাতে এনেকুৱা মন্তব্য । তুমি কিনিব নিবিচাৰিলে নালাগে বুলি কলেও কথা শেষ । তেওঁতো জোৰ-জবৰদস্তি তোমাক বিক্ৰী কৰিবলৈ ওলোৱা নাই । মোৰ বন্ধুজনৰ এই ব্যৱহাৰত মই মুঠেও সন্তুষ্ট নহলো । তেওঁ নিজৰ উচ্চ পদ, উচ্চ শিক্ষা নে আন বেলেগ অহংকাৰৰ আঁৰত এনেদৰে কলে সেয়াহে মই নুবুজিলো । ঠিক সেইদৰে অন্য এদিন এজন বন্ধুৰ নিমন্ত্ৰণত আমি ৪ জন বন্ধু দুপৰীয়াৰ অহাৰ খাবলৈ ওলালোঁ । অহাৰ খাই থকাৰ মাজতে নিমন্ত্ৰণ ৰক্ষা কৰিব অহা এজনে ঘপকৈ কৈ উঠিল 'এইটো কি ভাজি বনাইছে ঔ, একেবাৰে বেয়া' । কথাষাৰ শুনি মই নিজে লাজতে তলমূৰ কৰিলো । আৰে ! তুমি পইচা দি কোনো হোটেল ৰেষ্টুৰেণ্টত খাই থকা নাই নহয় যে তুমি অভিযোগ দিবা । বন্ধুৱে তোমাক মৰমত এসাঁজ খাবলৈ মাতিছে । তুমি খাই ভাল নাপালে বাদ দিয়া । সেয়াহে সৌজন্যতা । তাতে তুমি এনেকুৱা মন্তব্য দি অহাৰ বনোৱাজন আৰু তেওঁৰ ঘৰখনৰ মন ভঙাৰ অধিকাৰ তোমাৰ নাই । সেয়া তোমাৰ হে আভদ্ৰতাৰ আচৰণ।  এনেদৰেই অধিক আশা, আগ্ৰহেৰে পতা বিয়া, সকামৰ ভোজ খাই আহিও বহুতে মন্তব্য কৰে যিটো একেবাৰে অভদ্ৰতাৰ প্ৰতীক । এনেবোৰ জ্ঞান কোনো কিতাপ পত্ৰত নাই । এইবিলাক আমি নিজে শিকিব লাগিব । ডিগ্ৰী, মাষ্টাৰ্ছত পঢ়াখিনিয়ে যথেষ্ট ভাবি অহংকাৰ কৰি কি লাভ যদি আপুনি সামান্য ভদ্ৰতাখিনিও নাজানে ।

শ্ৰী অভিজিত শেনচোৱা
          দেউবিল নপমীয়া, শিৱসাগৰ

Comments

Popular posts from this blog

সৰগৰ বেলকনি (২)

Baby Doll

প্ৰেমৰ অভিনয়