সৰগৰ বেলকনি (৩)
ফাগুন
ফাগুন মানেই পছোৱা
বতাহৰ এক
উৰুঙা উৰুঙা মন !
ফাগুন মানেই
তল সৰা পাতৰ বিননি,
বতাহ ৰ ৰিনিকি ৰিনিকি শব্দ মাথো......।।
ফাগুন মানেই ,ধুলিয়ৰি বাটৰ
উদং পথাৰৰ পলাশ
শিমলু আৰু ৰঙাচুৱা মদাৰ
ফুলৰ নানা ৰং ঙী ৰং ৰ মেলা............।।
উতনুৱা এই ফাগুনৰ ৰঙত
মনে মোৰ নাচে উলাহত।।
দেহত ফাকুৱা ৰং আৰু
মনত প্ৰেমৰ উতনুৱা বতাহে জাকে
মোৰ কানে কানে কৈ যায় মই ফাগুন..........।।
ফাগুনৰ বলিয়া বতাহত
হেজাৰ জনতাৰ
মন প্ৰাণত ফাগুনে আনে ,
প্ৰতিজন অসমীয়া লৈ নতুনত্বৰ পৰস..........।।
মৌ সনা হৃদয় ত ফাগুনে জাকি মাৰি উৰা মাৰে , প্ৰতিজন অসমীয়া ৰ অন্তৰত....।।
ফাগুনৰ ধুলিয়ৰি বাটক
এজাক বৰষুণে ধুই নিয়ক ,
আৰু সজীৱ হৈ উঠক
শীতৰ লঠঙা গছ বোৰ।।
আকৌ এজাক বৰষুণে
অন্তত ফাগুনৰ
উৰুঙা উৰুঙা মনত
আনি দিয়ক বসন্তৰ জাননী...।।
নৱজিৎ নাথ,
ছিপাঝাৰ,(দৰং) অসম
Comments
Post a Comment