সৰগৰ বেলকনি (৩)
নিজানৰ উচুপনি
আৱেগৰ নৈত উটি- ভাহি
পুনৰ নাহিবা মোৰ কাষলৈ
নোৱাৰিম চিনিব মই
তুমি কোন ?
সম্পৰ্কবোৰ এনেও ধুনীয়া
তুমি কাষত নাই বুলিয়েই জানো
স্মৃতি বোৰক পাৰিম আঁতৰাব
থাকক দিয়া হৃদয়ৰ একোণত
স্মৃতিৰ টোপোলাবোৰ
তোমাৰেই নামত!
সময় সলনি হ'ব
তাৰ লগে লগে ব্যস্ততা বাঢ়িব
তাতোতকৈ বেছি তোমাৰ অবিহনে
সলনিয়েই বা কি হ'ব ?
আক্ষেপ নাই তোমাৰ প্ৰতি
তুমি অহা বাটেদিয়েই উভতি গ'লা
মাথোঁ স্মৃতিবোৰক এৰি থৈ যাব নালাগিছিল
তোমাৰ অনুপস্থিতিক বাৰুকৈয়ে অনুভৱ কৰাই
এসাগৰ কল্পনাৰ ৰঙেৰে ৰাঙলী কৰি নিজানত
উচুপি উঠো তুমি নজনাকৈ অকলে অকলে ..।।
পংকিতা গোহাঁই
Comments
Post a Comment