সৰগৰ বেলকনি (৩)

কিতাপ 

কিতাপ হ'ল জীৱনৰ 
সঞ্জীৱনী সুধা 
কিতাপ নপহিলেওঁ,
কিতাপৰ মাজত থকাটোও 
এটা তৃপ্তি বোধক কথা ।
কিতাপবোৰ জীৱনৰ
একোখন খিৰিকী
যাৰ দ্বাৰা ...
আত্মাই বাহিৰলৈ  চাবলৈ শিকিব
চিঙি- ভাঙি  দুৱাৰৰ শিকলি ।
কিতাপক তুমি
ভালপোৱা যদি,
কিতাপে তোমাৰ জীৱন তুলিব
সহজ কৰি।
কিতাপৰ দৰে মনোমোহা
আন একো নাই ,
কিতাপৰ দৰে প্ৰয়োজনীয় 
অন্য একো নাই ।।
                   

শিৱানী বৰুৱা              
চেনিজান ,যোৰহাট

Comments

Popular posts from this blog

সৰগৰ বেলকনি (২)

Baby Doll

প্ৰেমৰ অভিনয়