সৰগৰ বেলকনি (৩)
গল্পঃ
সৰস্বতী পূজাৰ ডুখৰীয়া ছবি --
(১)
--চানামাই, আজি সৰস্বতী পূজাৰ ভোজত যে ইমান জলা হৈছিল; মই নিজেও খাব নোৱাৰিলোঁ। তই নো কেনেকৈ খালিহেতেঁন! সেই বাবেই তোলৈ নানিলো।
সৰস্বতী পূজালৈ বুলি ককায়েকৰ লগত যাবলৈ ঠেহ ধৰা কণমানি ভনীয়েক জনীলৈ অলপ ভোজৰ ভাত দাইল আনিবলৈ মাকে প্ৰাইমাৰী স্কুলত পঢ়ি থকা পুতেক ৰ হাতত হাতীশুজীয়া কাঁহৰ বাতিটো দি পঠিয়াইছিল। যিটো গতিত পেটত চাৰ্টৰ ভিতৰত ভৰাই লৈ গৈছিল, তেনেভাজে মাকৰ আগত খালি বাতিটো উলিয়াই দিলেহি।
(২)
----হেৰি, মইনা হঁতলৈ পূজাৰ খিচিৰি-ভাজি অলপ লৈ আহিব চোন আহোতে।
অফিচৰ সৰস্বতী পূজাত যাবলৈ ওলোৱা গিৰিয়েকৰ হাতত দুই খলপীয়া টিফিন কেৰিয়াৰ টো তুলি দিলেহি মানুহ জনীয়ে।
আবেলি স্কুটাৰৰ পৰা টিফিন কেৰিয়াৰ টো উলিয়াই আনি ঘৈনীয়েকৰ হাতত দি কলে- নোৱাৰিলোঁ দিয়া সেই বোৰ আনিবলৈ।
মানুহজনী একেচাটে পাকঘৰ পালেগৈ। লৰালৰিকৈ ময়দাৰ মালপোৱা কেইটামান বনাই গাখীৰ একোগিলাচ আনি পুতেক দুটাৰ মুখৰ আগত ধৰিলেহি। বেচেৰা হঁতে দেউতাকে অনা খিচিৰি খোৱাৰ আশাত ৰাতিপুৱাৰ ভাগতে ৰুটী ভাজি খোৱাৰ বাহিৰে একো এটা মুখত দিয়া নাছিল।
(৩)
বৰমা, ক'ত আছেনো?
মই আপোনালোকলৈ পূজাৰ প্ৰসাদ লৈ আনিছো।
দুদিন ধৰি জ্বৰত ভুগি থকা মানুহজনী য়ে বিচনাৰ পৰাই তাক ডাইনিং টেবুলৰ ওপৰতে থৈ যাবলৈ কলে। তেতিয়া হে সি বৰমাকৰ জ্বৰ বুলি গম পালে। সৰস্বতী পূজা বুলি আজি তিনিদিন মানৰ পৰা কলেজ খনত দিনেৰাতিয়ে লাগি থকা ল'ৰাটোক জ্বৰত পৰি থকা কথাটো কবলৈ মানহজনীৰ বেয়া লাগিছিল।
কিছু সময় পিছত সি অনা প্ৰসাদৰ টোপোলা খুলি দেখিলে যে বুট মাহৰ প্ৰসাদৰ লগতে মিঠাই, পায়স আৰু খিচিৰি! তেওঁ লোকৰ বুকুৰ মাজত এডোখৰ ঠাই অধিকাৰ কৰি লোৱা , নিজে নিজেই ভতিজাকৰ স্থান দখল কৰি লোৱা ল'ৰাটোৰ কাৰ্য্য ই বহু বছৰৰ আগৰ সৰস্বতী পূজাৰ ডুখৰীয়া ছৱি দুখন আকৌ চকুৰ আগত তুলি ধৰিলে। কন্দাটো এটা "হবি" বুলি পুতেক দুটাই জোকাই ভাল পোৱা মাক জনীৰ পুটুক কৈ চকুৰ পৰা লুণীয়া পানী দুধাৰি বৈ আহিল। বেজাৰত নহয় ;আনন্দত !
কিৰণ ডেকা, তেজপুৰ
Comments
Post a Comment