সৰগৰ বেলকনি (৩)
গল্প::
বছৰৰ প্ৰথমটো বৰষুণ
কি যে মিঠা অনুভৱ বছৰৰ প্ৰথম বৰষুণত, তুমি, মই, আমাৰ কিছু ৰসাল কথা আৰু এক শীতল প্ৰেমৰ অনুভুতি l মই বৰষুণ বহুত ভাল পাওঁ তাতে আপোনজনৰ সৈতে কৰা বাৰ্তালাপে মোক আপোন পাহৰা কৰি পেলাইছিল l সময় তেতিয়া ৰাতিপুৱা 4 বাজিছিল l মই হঠাৎ কুচিমুচি সাৰ পালো l শুনিলো বৰষুণৰ টোপালবোৰে মোক চিঞৰি চিঞৰি মাতি আছে l মই খিৰিকিৰে এপাক জুমি চালো দোকমোকালিৰ এন্ধাৰ আৰু মোৰ প্ৰিয় বৰষুণ l আপোনজনৰ স্মৃতিয়ে বৰকৈ আমনি কৰিছিল, ফোনটো কৰো নকৰোকৈ কৰিয়েই পেলালো l দোকমোকালিতে টোপনিৰ পৰা তেঁওক উঠাব মন যোৱা নাছিল কিন্তু কি কৰিম মনতোক যে বুজাব নোৱাৰি l তেওঁ এক সন্তোষিত মাতেৰে মোক মাত লগাইছিল, ভাবিছিলো হয়তো তেওঁ মোক খং কৰিব অসময়ত ফোন কৰা বাবে l কিন্তু ক'তা তেনেকুৱা একো নহ'ল, তেওঁৰ বুকুও বৰষুনৰ টোপালে চুই গ'ল l তেওঁ সুধিছিলে এই বৰষুণত প্ৰেমৰ অনুভুতি লৈ তুমি তোমাৰ প্ৰেমিকক হে ফোন কৰিব লাগিছিল কিন্তু মোক কৰিলা যে? মই নিমাত হৈ ৰ'লো কেনেকৈ নো তেঁওক বুজাওঁ?তেৱেই যে মোৰ সপোনৰ ৰাজকুমাৰ ।এনেদৰেই আমাৰ বাৰ্তালাপ চলি আছিল ইফালে বৰষুণৰ প্ৰতিটো টোপাল আমাৰ মিঠা অনুভৱৰ সাক্ষী হৈ ৰৈছিল l বৰষুণেই মোৰ শেষ সাৰথি আছিল যিয়ে মোৰ সকলো শোক মচি আহিছিল আৰু এতিয়া তেওঁ। কি যে এক কোমল অনুভৱ বছৰৰ প্ৰথম বৰষুণ তেওঁৰ সৈতে lবছৰৰ প্ৰথম বৰষুণ
আশ্ৰিফা ইয়াছমিন, মৰিগাঁও
Comments
Post a Comment