সৰগৰ বেলকনি (৩)
ৰাগ-বিৰাগ
"মানুহটো পাগল হ'ল নেকি, দিন-দুপৰতে হাতত টৰ্চটো লৈ চোতাখনত কি নো বিচাৰি ফুৰিছে, কব নোৱাৰোঁ আৰু দেই" বুলি ৰেৱ ফুকনৰ ঘৈণীয়েকে আজি মুখখনে ভোৰভোৰাই ভোৰভোৰাই এবাৰ বাৰাণ্ডালৈ ওলাইছে আকৌ ভিতৰলৈ সোমাইছে। ক্ষন্তেক পিছতে আকৌ খিৰিকীৰ পৰ্দাখন দাঙি গিৰীয়েকলৈ চাই দীঘলকৈ হুমুনিয়াহ এটা কাঢ়ি বাৰাণ্ডালৈ ওলাই লৈ দীঘলীয়া পদূলিটোৰ মূৰত থকা গেটৰ মুখৰ পৰা সন্মুখৰ ৰাস্তাটোৰ দুয়োফালে দৃষ্টি যোৱালৈকে ডিঙি মেলি মেলি মেলি চাইছে; জানোচা কোনোবা চিনাকি বা গাঁৱৰে এজন ওলাবহি। কিন্তু কি হ'ব! এই মানুহটোক কিনো বিচাৰিছে বুলি শুধিবলৈকে আজি দেখুন কোনো এজনো নাই! কোননো ওলাব! এনেয়ে ভৰ দুপৰীয়া, তাতে চৌফলীয়া ৰ'দ। নিজৰ পৰিয়াল লৈ ল'ৰাটোও চাকৰিৰ জেগাতে থাকে। ছোৱালী দুজনী গত লগাই বিয়া দিয়াৰ পিছত মাক-বাপেকহাল ঘৰত অকলে থাকে। লগত বনকৰা ল'ৰা এটা থাকে যদিও সিও আজি দেওবাৰ বুলি ফুৰিবলৈ ওলাই গ'ল।
কোনোদিন খং ৰাগ কৰিব নজনা সহজ-সৰল মানুহটোকনো আজি কিহে পালে! তেওঁ সেই আগৰ দৰেই টৰ্চটো জ্বলাই লৈ ইফালে-সিফালে কিবা বিচাৰি আছে আৰু মাজে মাজে কিবা এটা বুটলি লৈ ছেঃ বুলি আকৌ পেলাই দিয়ে।
আজি আগবেলাটো ফুকননী খুৰীদেউৰ একো কাম হোৱা নাই বা একো কথাতে মন বহাব পৰা নাই; কাৰণ হল মানুহটো। ইফালে কিবা এটা ক'বলৈ মাতিবও নোৱাৰি। যিহেতু আজিৰ পৰা তিনিদিনমানৰ আগতে গিৰিয়েকৰ অলপ পৰ্কটি লৰা ধৰণৰ স্বভাৱত অতিষ্ঠ হৈ খঙতে "আপোনাক নামতো যক" বুলি তেতিয়াৰ পৰা এতিয়ালৈকে মাত-বোল কৰা নাই। তেওঁ কেৱল উমানে উমানেহে সময়মতে চাহ-ভাত, গা-ধোৱা গৰম পানী তিয়নী-চুৰীয়া-গামোচা, তামোল-পানৰ বঁটা আদি যোগান দি আহিছে। কিন্তু আজি মুখেৰে নামাতিলে যে নহ'ব! সেয়ে অৱশেষত নিজৰ খং-ৰাগ, ঠেঁহ-পেছ আদি এৰি নমতা গিৰীয়েকক মাতিবলৈকে সিদ্ধান্ত কৰিলে।
"হেৰি দিনতে টৰ্চটো লৈ কিনো বিচাৰি আছে হে এই ভৰ-দুপৰীয়াখন; পগলাই হল নেকি?"
ঘৈণীয়েকৰ কথা শুনি ৰেৱ ফুকনে ঘপকৈ টৰ্চটো নুমোৱাই "এই পালোঁ পালোঁ মোৰ বুঢ়ীজনীৰ মাতটো হেৰাইছিলে এই পাই গলো" বুলি তিনিজাপমান মাৰি বাৰাণ্ডালৈ উঠিল আৰু ফুকননীক আবেগতে সাৱটি ধৰি ক'লে "চুমা এটা খাওঁ নেকি?" খুৰীদেউৱে খুৰাদেউৰ কেইবাদিনো নকটাকৈ থকা পকা দাড়িৰে ভৰিথকা মুখ মণ্ডললৈ ঘোপাকৈ চাই হাত দুখনেৰে জোৰকৈ ঠেলা এটা মাৰি দি ক'লে "মানুহটো সঁচাই পাগল হল দেই!"
নৃপেন ফুকন
Comments
Post a Comment