সৰগৰ বেলকনি (৩)

জীৱন এক সংগ্ৰাম
                

পৃথিৱীখন যে কিমান জটিল!
এতিয়াহে বুজিছো.......।
মন দিগন্তৰ শেষ পৰ্যায়লৈ দেখোন সমস্যা.....!
এতিয়া লাহে লাহে সকলো বুজি উঠিছো। 
মই ভৱাৰ দৰে পৃথিৱীখন ৰঙীন নহয়,
বহুত জটিল...!
অলেখ সপোনেৰে,
অলেখ আশাৰে,
মন দিগন্তত স্বপ্ন ৰাজ্য গঢ়ো।
ভৱিষ্যতৰ সোণালী সপোন ৰচি উটি- ভাঁহি ফুৰো।
মন যায়.......
বৈ অহা কজলা সৌম্য জলৰ দৰে সৱৰে মন জিনিবলে....,
শান্ত বতাহৰ দৰে সৱৰে মন চুবলে..........,
পৰ্বতৰ উচ্চ শিখৰৰ দৰে নয়ন জিনিবলে.....,
মানৱতাবোধেৰে দুখীজনক সান্ত্বনা দিবলে......,
মুখত হাঁহিৰ ৰেঙনি বোলাবলে.....।

কিন্তু, হাঁহি উঠে নিজক।
এয়া মোৰ কল্পনা....?
নে এটি ক্ষীণ আশা..?

নদীৰ বুকুত উটি- ভাঁহি ফুৰা এখনি মই কাণ্ডাৰী বিহীন নৌকা......।
নাজানো কʼত মোৰ শেষ...?
নাজানো কেতিয়াবা পাৰত বান্ধ খাব পাৰিম নে নোৱাৰিম......?
জানো মাথো....
 এইটোৱেই জীৱন মোৰ.....।
হাজাৰ সপোন বুকুত বান্ধি ওপঙি ফুৰা এটি মই ধূলিকণা...।
নাজানো কʼত শেষ সপোন মোৰ...?
জানো মাথো.........,
সপোন দেখি ভালপোৱা এটি মই নগন্য ধূলি......।

জীৱনৰ ক্ষন্তেকীয়া চঞ্চলতাই লৈ আনে......
এজাকি ধ্বংসমুখী বতাহ.....।
কোনে জানে... ..
কি বা ভাঙি থৈ,কাঢ়ি লৈ যায়....?
কʼত বা শেষ এই বতাহৰ....?

এয়াইতো জীৱন..!
সুখ- দুখৰ এটি সংমিশ্ৰণ....।
দুখেহে সুখ কঢ়িয়াই..,
আহাঁ আমি কথাবোৰ চাও ফঁহিয়াই.....।
জীৱন এক নাটৰ অভিনয়..,
শিকাচোন,আনক কৰিবলৈ বিনয়.....।
জীৱন এক চাকনৈয়াৰ স্ৰোত.,
বৰ্তমানক আদৰি পাহৰাচোন।
হাঁহি কান্দোনেৰে জীৱন গঠিত....,
আহাঁ আমি কামেৰে আনক কৰো বিস্মিত.....।
একাল সুখ,একাল দুখ....;
দুখীজনৰ ফালে এবাৰ ঘূৰোৱাচোন মুখ....।
দুখ বুলিবলৈ একোৱেই নাই,
মহৎজনেই সুখ বিচাৰি পায়।
জীৱন এক যুঁজ....
আহাঁ আমি আনৰ লগত...,
সমানে মিলাও খোজ....।


                কল্পনা বৰা
     দেৱৰাজ ৰয় মহাবিদ্যালয়

Comments

Popular posts from this blog

সৰগৰ বেলকনি (২)

Baby Doll

প্ৰেমৰ অভিনয়