সৰগৰ বেলকনি (৩)

ঈশ্বৰে সজা পৃথিৱী




           

কেতিয়াবা মন যায়
ঈশ্বৰে সজা সেই পৃথিৱীখন চাবলৈ 
যিখন পৃথিৱীত সকলো মাথোঁ থমকি ৰয়
কেতিয়াবা অন্তৰাত্মাই কয়'
ক'ৰবাত  আছে
সেইখন পৃথিৱী
পোহৰেৰে আৱৰা
নাই আন্ধাৰৰ তিলমাত্ৰও খেলা, 
নাথাকে য'ত কোনো মৃত্যুৰ ভয় !
থাকে সদায়ে
সততা আৰু পবিত্ৰতাৰ এখন চাদৰ উৰি 
য'ত ঈশ্বৰে নিজে সদায়ে ৰাখে
বুকুৰ মাজত সাৱটি !

সেইজনা ঈশ্বৰে কয়-
এতিয়া শান্তিৰ কপৌজাকে
প্ৰভাতী পুৱাৰে ৰ'দ পুৱাইছে
তুমিও এবাৰ চোৱাচোন !!

জ্যোৎস্না শইকীয়া
                        মংগলদৈ

Comments

Popular posts from this blog

সৰগৰ বেলকনি (২)

Baby Doll

প্ৰেমৰ অভিনয়