সৰগৰ বেলকনি (৩)

মোৱাইল ফোনে শিশু সকলোৰ মস্তিষ্ক বিকাশত অধিক ক্ষতি সাধন কৰে


     বৰ্তমান আমাৰ সমাজ ব্যবস্থাত প্ৰায় সকলোবোৰ দিশে উন্নতিৰ শিখৰত উঠিছে। ইয়াৰ ভিতৰত মোৱাইল ফোন অন্যতম বুলি ধৰিব পাৰি। কিয়নো মোৱাইল ফোন বৰ্তমান খুবেই জনপ্ৰিয়তাৰ শীৰ্ষত থাকি আমাক ভিন্ন দিশত ভিন্ন ধৰণেৰে সুবিধা প্ৰদান কৰি পৃথিৱীখন হাতৰ মুঠিত থকা যেন অনুভৱ কৰিব পাৰি। কিন্তু তাৰ সমান্তৰাল ভাৱে বৰ্তমান মোৱাইল  ফোনে বহু ক্ষতি কৰি আছে বিশেষকৈ আমাৰ সমাজৰ শিশু সকলোক। কিয়নো শিশু এটা জন্ম হোৱাৰ পিছৰে পৰা অভিভাৱক অৰ্থাৎ মাকজনে সন্তানক মোৱাইল ফোন হাতত তুলি দিয়ে বা কোনো খাদ্য খোৱাৰ সময়ত মোৱাইলৰ জৰিয়তে নিচুকণি দিয়ে। কিন্তু তেনে আচৰণে সন্তান জনৰ পিছলৈ অভ্যাসত পৰিগণিতহৈ পিছলৈ মোৱাইল ফোন অবিহনে কোনো খাদ্য নোখোৱাহৈ পৰে! মোৱাইল নিচা সদৃশ হৈ পৰে।

    ইয়াতে কথা এটা সংযোজন কৰিব বিচাৰিছোঁ যে, সকলো অভিভাৱকৰ ক্ষেত্ৰত এনে পদ্ধতি বা ধাৰণা নহয়। কোনো পৰিয়ালৰ অভিভাৱকে কামৰ তাগিদা বা ভিন্ন সমস্যাৰে জৰ্জৰিতহৈ উপায়হীনহৈ সন্তানক মোৱাইল হাতত তুলি দি এনেকৈ নিচুকনি দিবলৈ বাধ্যৰ সন্মুখীন হোৱা দেখা যায়। কিন্তু পৰা পক্ষত নিজৰ সন্তান জনক জনা নোহোৱালৈকে মোৱাইল হাতত তুলি দিয়া যুক্তি নাথাকে বুলি ভাবো কিয়নো  ২ ৰ পৰা ৬ বছৰ বয়সৰ শিশুৰ হাতত মোৱাইল তুলি দিলে মোৱাইলৰ প্ৰতি অধিক আকৃষ্টহৈ পৰে ফলত শিশু সকলৰ মস্তিষ্কই বহু কষ্ট পাই বা খেলি মেলি হোৱাৰ  সম্ভাৱনা থাকে কাৰণ আজি কালি মোৱাইল হাতত তুলি দিয়াৰ পিছত ইণ্টাৰনেটৰ জৰিয়তে শিশুক আকৰ্ষিত কৰি তুলিব পৰা নানা কথা বা ভিদিঅ' চাই কিন্তু তেনে কথা বা ছবিয়ে সেই বয়সৰ শিশু সকলৰ ব্ৰেইন বা মস্তিষ্কই ঢুকি নেপাই। ফলত কেতিয়াবা শিশু সকল ডাঙৰ হোৱালৈকে শিশু সুলভ আচৰণ সমূহ থাকি যোৱাৰ আশংকা থাকে। সেয়েহে ২ ৰ পৰা ৬ বছৰ বয়সৰ শিশু সকলক এই দিশত মাতৃ গৰাকীৰ অপৰিসীম দায়িত্ব সন্নিবিষ্ট হৈ থাকে। খাদ্য খোৱাৰ সময়ত যদি সন্তানে খাবলৈ অমান্তি হয় তেতিয়া তাহানিৰ নিচুকুনি গীতৰ মাজেৰে সন্তান সকলক খাদ্য বস্তু খুওৱাৰ অভ্যাস কৰিলে পিছলৈ তেনে ধাৰা অব্যাহত থাকিব আৰু ইয়াৰ জৰিয়তে শিশু সকল বহু  উপকৃত হ'ব পাৰিব।
(১) নিচুকণি গীতৰ জৰিয়তে শিশু সকলৰ মস্তিষ্ক সুৰক্ষিতহৈ থাকিব ।
(২) তেনে ধাৰণাই নিচুকণি গীতৰ পৰম্পৰা অক্ষুণ্ণ থাকিব।
(৩) নিচুকণি গীতে শিশু সকলক অভিজ্ঞতা আহৰণ কৰাৰ উপৰি হাঁহি, ফুৰ্তিৰে জীপাল কৰি ৰাখিব পাৰে।আৰু নিচুকণি গীতৰ বিষয়ে বুজি উঠিব।

পৰিয়াল এটা চলিবলৈ হলে খুব বেছি সা-সম্পত্তিৰ প্ৰয়োজন নাথাকে যদি নিজৰ সন্তান জনক সময় দিব নোৱাৰি মাত্ৰ টকা-পইচা, সা- সম্পত্তিৰ পিছত দৌৰি কৌটিপটি নহওঁক কিয় যদি নিজৰ সন্তান জনক ভাল মানুহ ৰূপত গঢ়ি তুলিব নোৱাৰি তেতিয়া তেনে কৌটি টকা বা সা-সম্পত্তি বোৰ কিবা কামত আহিব বুলি বিশ্বাস কৰিব পাৰি নে?
গতিকে আমি অধিক টকা-পইছাৰ পিছত দৌৰাতকৈ প্ৰথমে নিজৰ সন্তান জনক অধিক সময় দি পঢ়া পাতি আদিকে ধৰি সকলো দিশত অধিক মনোযোগেৰে আগুৱাই নিয়া দিশত তীক্ষ্ণ দৃষ্টিত আবদ্ধ কৰি ৰখা উচিত।
সৰুৰ পৰা শিশু সকলোক হেলা বা বিৰক্তি অনুভৱ কৰি মাতৃ গৰাকীয়ে নিজৰ সুবিধাৰ কাৰণে মোৱাইল ফোনটো হাতত তুলি দি নিজকে দায়িত্ব শেষ বুলি ফুৰ্তি কৰা ধাৰণাটো সকলোতকৈ ডাঙৰ ভুল। কিয়নো সেই এদিন বা দুদিনৰ কষ্টৰ কাৰণে বিৰক্ত অনুভৱ কৰা কাৰ্যটো পিছলৈ ভয়াবহ ৰূপ ধাৰণ কৰাৰ আশংকা থাকে। আমি ভবিষ্যতৰ কথা ক'ত কি হ'ব কোনেও নাজানো যদিওঁ সদায় সতৰ্কতা অৱলম্বন কৰি যোৱাটো নিতন্ত্যই প্ৰয়োজন বোধ কৰা উচিত। শিশু সকল হ'ল আমাৰ দেশৰ ভবিষ্যত গতিকে আমি শিশু সকলৰ ক্ষতি হোৱা কোনো কামেই কৰিব নালাগে বা কোনেও নিজৰ সন্তান জন বিপথে পৰিচালিত হোৱা আশা বা কাম্য নকৰোঁ।
মোৱাইল ফোনে আমাৰ শিশু সকলৰ মস্তিষ্ক বিকাশত কেনেকৈ প্ৰভাৱ পেলাই,,,,,?
হয় মোৱাইল ফোনে শিশু এটাৰ মস্তিষ্ক বিকাশত অধিক ক্ষতি সাধন কৰে কিয়নো সৰুৰ পৰা শিশু এজনক মোৱাইল ফোন হাতত তুলি দিলে সেই শিশুটোয়ে ভিন্ন ধৰণৰ ছবি, দৃশ্য দেখি আকৃষ্ট হৈ পৰে ফলত শিশুটি মোৱাইলৰ প্ৰতি আকৃষ্টহৈ শিশুসুলভ আচৰণ বোৰ ক্ৰমানুয়ে পাহৰি থাকে মাথোঁ প্ৰতি ক্ষণতে মোৱাইলৰ লগত সময়বোৰ অতিবাহিত কৰি তাহানিৰ শ্ৰীকৃষ্ণৰ শিশুৰ আচৰণ পৰা ফালৰি কাতি অন্য এখন ক্ষেত্ৰত সোমাই পৰে। ইয়াৰ ফলত শিশুটি শৈশৱৰ মধুৰ আমোদৰ পৰা ফালৰি কাতি যোৱাৰ উপৰি মস্তিষ্কৰ ক্ষতি হোৱাৰ খুৱেই আশংকা থাকে। গতিকে আমাৰ শিশু সকলৰ ভৱিষ্যৰ ওপৰত নিৰ্ভৰকৰি শিশু সকলক মোৱাইল ব্যৱহাৰ কৰা বা হাতত তুলি দিয়া দিশৰ পৰা সদায় আঁতৰত ৰাখি শিশু সকলক শিশুৰ দৰেই আচৰণ কৰা দিশত অধিক মনোযোগেৰে গঢ় দিয়া উচিত বা প্ৰয়োজন আছে বুলি ধাৰণা কৰোঁ।


কনমনি নাথ,   
     বি'ব্লক,বাক্সা

Comments

Popular posts from this blog

সৰগৰ বেলকনি (২)

Baby Doll

প্ৰেমৰ অভিনয়