সৰগৰ বেলকনি (৩)
পৰিষ্কাৰ
যদি হয় পৰিৱেশ পৰিষ্কাৰ,
চলিব তেতিয়া ৰাজত্ব মাথো সংস্কাৰ।
দূষিত পৰিৱেশত উদ্ভৱ
সেমেকা জীৱন,
পৰিষ্কাৰ পৰিৱেশত জিলিকে
সোণালী জীৱন।
শুদ্ধ বায়ুৰ বাবে
বৃক্ষৰোপণৰ দৰকাৰ,
যদি কৰা ধৰিত্ৰীক উপকাৰ
তেতিয়া হ'ব জীৱন চমৎকাৰ।
স্বচ্ছ পৰিৱেশত শুদ্ধ হয় মন,
অস্বচ্ছ পৰিৱেশত কেৱল মাথো কান্দোনৰ নয়ন।
সমুজ্জ্বল ডেকা, ৰঙিয়া
Comments
Post a Comment