সৰগৰ বেলকনি (৩)
বৃদ্ধাশ্ৰম
কিয় লাগে এখন বৃদ্ধাশ্ৰম ?
যাৰ ছত্ৰছায়াত লালিত-পালিত হ'লা তেওঁলোকৰ বাবে নে যাৰ সামর্থতাত অাত্মনির্ভৰশীল হ'লা তেওঁলোকৰ বাবে ?
যি দুজনে অভাৱবোৰ অনুভৱ কৰিবলৈ নিদিলে তেওঁলোকৰ বাবে নে
যি দুজনে তোমাক প্ৰতিষ্ঠা কৰিলে তেওঁলোকৰ বাবে ?
যাৰ আর্শীবাদত শিৰ উচ্চ কৰিব পৰা পদৰ অধিকাৰী হ'লা তেওঁলোকৰ বাবে নে
সফলতাৰ পর্বত আৰোহণত পৰি যাব নিদিয়া তেওঁলোকৰ বাবে ?
যি দুজনে সন্তানলাভৰ সুখত আনন্দৰ অশ্ৰু বিয়পাইছিল
তেওঁলোকৰ বাবে নে
ইমানদিনৰ মৰমৰ এয়া নিকৃষ্ট পৰিসমাপ্তি !!
কাৰ বাবে বৃদ্ধাশ্ৰম ?
তথাকথিত সম্ভ্ৰান্ত বোৱাৰীৰ অত্যাচাৰৰ বলি শাহু -শহুৰৰ বাবে নে
ৰাস্তাত আৱর্জনাসদৃশ দলিয়াই থৈ যোৱা জন্মদাতাৰ বাবে !
শতাব্দী শৰ্মা
নগাওঁ
Comments
Post a Comment