সৰগৰ বেলকনি (৩)
দৈত্যনিসূদন
মোৰ আদ্ৰভুমিত
জ্ঞাতে অজ্ঞাতে
এতিয়া বাজিছে মাথো
মৃত্যু ঘন্টা
কৰণা দৈত্যটোৰ বাবে
মৃত্যু এতিয়া সুলভ মূল্যত
দৰিদ্ৰৰ দুখ ভোকাতুৰ শিশু
দুৰ্ভগীয়া বৃদ্ধাক দেখিও
সি ডোঠৰ হৈ ৰল
কত মাতৃৰ বুকু উদং হল
কত নাৰীৰ কপাল উকা হল
কত শিশু ঘাত মাউৰা হল
তথাপি সি নিৰব দৰ্শক ৰূপত
ডোঠৰ হৈ থাকিল
মানব এতিয়া অগ্নিগৰ্ভ
আত্মিয়ক অগ্নি ক্ৰিয়া
কৰিব নোৱাৰি
তৃষ্ণাতুৰ বিৰিখৰ
শুকান পাতবোৰেওঁ এতিয়া
ঈশ্বৰক প্ৰাৰ্থনা কৰিছে,
এজন দৈত্যনিসূদন বিচাৰি !
দিপালী ডেকা
Comments
Post a Comment