সৰগৰ বেলকনি (৩)

বৰ্তমান সময়ত আধ্যাত্মিক শিক্ষাৰ প্ৰাসংগিকতা 


   সমাজৰ অৱক্ষয় , মানৱীয় অৱক্ষয় আদি বিষয়বোৰ বৰ্তমান সময়ত মুখ্য সমস্যা হৈ পৰা পৰিলক্ষিত হৈছে। এই সমস্যাৰ পৰা ৰক্ষা পাবলৈ হ'লে আমি সকলোৱে আধ্যাত্মিক দিশৰ ওপৰত গুৰুত্ব  আৰোপ কৰিব লাগিব।   
    এজন ব্যক্তি শিশু অৱস্থাৰ পৰা প্ৰাপ্তবয়স্ক হোৱালৈকে বহু কেইটা স্তৰ পাৰ হৈ আহে আৰু সেই প্ৰতিটো স্তৰতে শাৰীৰিক, মানসিক তথা বিভিন্ন মনো সামাজিক সমস্যাৰ সন্মুখীন হ'ব লগা হয়। এই সময় খিনি বা সমস্যা সমূহ পাৰ কৰিবৰ ক্ষেত্ৰত আধ্যাত্মিক শিক্ষা খুবেই প্ৰয়োজনীয় আৰু কাৰ্যকৰী। নান্দনিক গীত-নৃত্য ,যোগাসন,প্ৰাণায়াম,বিভিন্ন ধৰনৰ গঠনমূলক খেল-ধেমালি আদি ব্যৱস্থাৰ জৰিয়তে শিশু সকলক আধ্যাত্মিক শিক্ষা প্ৰদান কৰিব পাৰি।  
পূৰ্বতে টোল, বিদ্যালয় আদিত আধ্যাত্মিক শিক্ষাইও সমান গুৰুত্ব আৰু মৰ্যদা লাভ কৰিছিল।কিন্তু বৰ্তমান বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ অভাৱনীয় উত্তৰণ তথা ইণ্টাৰনেটৰ যুগত এই বিষয়টো যেন বাদ পৰি গৈছে। ইয়াৰ কু-ফল আমি চকুৰ আগতে প্ৰত্যক্ষ কৰিছো। সৃষ্টিশীল গতিধাৰাৰ পৰা সমাজৰ যুৱচাম আঁতৰি গৈছে। ই ব্যক্তিগত তথা সামাজিক দুয়ো দিশতে ব্যাপক হানি কৰিছে। আমাৰ সমাজৰ, যুৱ শক্তিৰ এই অন্ধকাৰ দিশটো পোহৰাই তুলিবৰ বেলিকা আমাৰ কৰণীয় কি? 
    সমাজৰ সুস্থতাৰ বাবে 
, উচ্ছৃখলতাৰোধৰ বাবে অভিজ্ঞ হিচাপে আমিয়েই সচেতন হ'ব লাগিব । শিশু সকলৰ মনত ইয়াৰ বাবে আধ্যাত্মিক ভাব জগাই তোলাৰ প্ৰয়াস কৰিব লাগিব। শৈশৱতে তেনে এটি পৰিৱেশ দিব পাৰিলে যুৱ অৱস্থা প্ৰাপ্ত হোৱাৰ পাছতো সেই আধ্যাত্মিক শিক্ষাৰ প্ৰভাৱ যুৱক জনৰ 
  ক্ষেত্ৰত পৰিলক্ষিত হ'ব। সেয়েহে অভিভাৱক সকলৰ লগতে শিক্ষক সকলো সমানে এই বিষয়টোৰ প্ৰতি সজাগ আৰু সচেতন হোৱা উচিত ।কিন্তু দুখৰ বিষয় আজি বিদ্যালয়ৰ পাঠ্যপুথিত এই ধৰনৰ বিষয় অন্তৰ্ভূক্ত কৰা হোৱা নাই। সেয়ে আধ্যাত্মিক শিক্ষাৰ বিষয়টোৱে জনপ্ৰিয়তা লাভ কৰাৰ ক্ষেত্ৰত কিছু পিছ পৰি  ৰোৱা পৰিলক্ষিত হৈছে। আধ্যাত্মিক শিক্ষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব অনুধাৱন কৰি এই শিক্ষাৰ প্ৰতি আগ্ৰহ বৃদ্ধি আৰু ব্যৱস্থা গ্ৰহণৰ সময় আহি পৰিছে। 
      আন নালাগে স্বয়ং মহাপুৰুষ জনাই  আমাৰ জীৱনত আধ্যাত্মিক শিক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে বিশদ ভাবে বৰ্ণনা কৰি গৈছে। কেৱল সেয়ে নহয় বিভিন্ন আধ্যাত্মিক শিক্ষাৰ বিষয়েও তেখেতে আমাক নিজে উদাহৰণ হৈ দেখুৱাই থৈ গৈছে। সুকুমাৰ কলাৰ সাধনাৰ জৰিয়তে বিভিন্ন সময়ত মনৰ মাজত সৃষ্টি হোৱা অশুভ চিন্তা  বা যৌন চেতনাকো সংগঠিত ৰূপত কি দৰে প্ৰয়োগ কৰিব পাৰি সেই কথা দেখুৱাই থৈ গৈছে।সমাজৰ পৰা হিংসা,খাম-খেয়ালি,অসামাজিক,অমানৱীয় কাম আদি দূৰ কৰি শান্তি-সম্প্ৰীতি আদি বৰ্তাই ৰখাৰ ক্ষেত্ৰত আধ্যাত্মিক শিক্ষা বিষয়টো খুবেই প্ৰাসংগিক আৰু গুৰুত্বৰ বিষয়।
    আধ্যাত্মিক শিক্ষাৰ জৰিয়তে আমি আমাৰ জীৱনটো সহজ - সৰল  কৰি গঢ় দিব পাৰো।ধৰ্মীয় অনুষ্ঠান সমূহৰ লগত শিশু সকলক পাৰ্যমানে জড়িত কৰিব লাগে। ই শিশু সকলক সামাজিক জ্ঞানৰ লগতে আধ্যাত্মিক দিশৰ বিকাশৰ ক্ষেত্ৰতো সহায়ক হৈ উঠিব।
    আধ্যাত্মিক শিক্ষাৰ জৰিয়তে আমি নিজক চিনি পাবলৈ সক্ষম হওঁ।অপৰাধ প্ৰৱণ মন এটা গঢ় লৈ উঠে নিজক নজনাৰ বাবে। নিজৰ  শক্তি -যোগ্যতা আদিৰ বিষয়ে জানিবলৈ যি একাগ্ৰতা আৰু সাধনাৰ প্ৰয়োজন সেই খিনিৰ সিংহ ভাগ প্ৰাপ্ত কৰিব পাৰি আধ্যাত্মিক শিক্ষাৰ জৰিয়তে। 
    সমাজৰ অৱক্ষয়, মানৱ মনৰ অস্থিৰতাই সৃষ্টি কৰা  সামাজিক অস্থিৰতা ,অপসংস্কৃতি ,অৱক্ষয় আদি ৰোধৰ বাবে  আধ্যাত্মিক শিক্ষাৰ সমকক্ষ আন কোনো ব্যৱস্থাই হ'ব নোৱাৰে। 
   কেৱল শিশু বা যুৱক সকলৰ বাবেই নহয় প্ৰত্যেক স্তৰৰ লোকৰ বাবে  আধ্যাত্মিক শিক্ষাৰ প্ৰয়োজন আছে বুলি ক'ব পাৰি। বিদ্যালয় স্তৰৰ পৰাই এই শিক্ষাৰ প্ৰৱৰ্তন কৰিব পাৰিলে ই ব্যক্তিগত তথা সমাজৰো বহুত উন্নতি সাধন কৰিবলৈ সক্ষম হ'ব। 
   শাৰীৰিক আৰু মানসিক ভাবে সুস্থ লোকৰ দ্বাৰাহে সুস্থ সমাজ এখন আশা কৰিব পাৰি। বৰ্তমান সময়ত আমি  সকলোৱেই মানসিক ভাবে কিছু পৰিমানে ভাৰাক্ৰান্ত। মানসিক সন্তুলন বৰ্তাই ৰাখিব নোৱাৰি বহুজন বিপথগামী হৈছে নতুবা আত্মহননৰ দৰে  অপকৰ্ম কৰিবলৈও কুণ্ঠাবোধ নকৰা হৈছে। সমাজত এই কথাবোৰে খুব বেয়া প্ৰভাৱ পেলায়। মনৰ সুস্থিৰতা অবিহনে  কামত সফল হ'ব নোৱাৰি। সুস্থিৰতা ,একাগ্ৰতা,সাধনা  অবিহনে সফলতাৰ শিখৰ চুব নোৱাৰি। সমাজৰ দ্ৰুত পৰিৱৰ্তনৰ লগত খাপ খাব পৰাকৈ আমাৰ মন-মগজুও সুস্থিৰ হ'ব লাগিব ।এই সকলো খিনি  পোৱাৰ একমাত্ৰ  উপায় আৰু মাধ্যম হৈছে - আধ্যাত্মিক শিক্ষাৰ চৰ্চা। যিয়ে আমাক সুস্থতা প্ৰদান, প্ৰতিভা বিকাশ তথা নিজক জনাৰ  সুবিধা প্ৰদান কৰে। ঈশ্বৰৰ অস্তিত্ব অনুভৱ কৰি , ঈশ্বৰৰ প্ৰতি ভয় আৰু ভক্তি ভাব ৰাখি জীৱনৰ বাটত আগবাঢ়ি যোৱাৰ বেলিকা আধ্যাত্মিক শিক্ষা খুবেই সহায়ক। বৰ্তমান সময়ত আধ্যাত্মিক শিক্ষাৰ বিষয়টো  খুবেই প্ৰাসংগিক আৰু সময়োপযোগী।
    

নিবেদিতা হাজৰিকা,
    লখিমপুৰ।
   

Comments

Popular posts from this blog

সৰগৰ বেলকনি (২)

Baby Doll

প্ৰেমৰ অভিনয়