সৰগৰ বেলকনি (৩)

তেজাল প্ৰবাহ

ক্লান্ত লুইতৰ ধাৰাসাৰ প্ৰবাহ
অস্থিৰতাৰ হেন্দোলনিত প্লাৱিত ধৰা,
সময়ৰ বাসনাত সিক্ত বেদনা
মহাতান্দ্ৰৱৰ ই জয়াল শিৰা,
ভ্ৰমণৰ ইতিহাস কিম্বা প্ৰবাহমান ধাৰা
উদ্দেলিত মনবোৰৰ দুৰ্জয় বেদনা,
মুখাপিন্ধা মানৱৰ ঘৰ্মাক্ত দেহা
মহামাৰীৰ তান্দ্ৰৱত জিলিকি উঠা;
মহা মহা মণিষীৰ নশ্বৰ দেহা
বিষাক্ত ক'ভিডৰ অন্ধকাৰ ছায়া..
কত যে ভ্ৰাতৃ -ভগ্নীৰ আশাতীত  দেহা,
আপোন স্পৰ্শৰ পৰস নোপোৱা,
মাথো বেদনাৰ স্পৰ্শত অশ্ৰু নিগৰা..
তথাপিতো ভয় নাই..
শংকা নাই.....
এই মনুষ্য জাতিৰ
উগ্ৰ তেজেৰে লিখে হেনো
তেজাল  প্ৰবাহ.......

 
 পল্লৱী বৰুৱা
          গোলাঘাট

Comments

Popular posts from this blog

সৰগৰ বেলকনি (২)

Baby Doll

প্ৰেমৰ অভিনয়