সৰগৰ বেলকনি (৩)

কলা শাখা লৈ আমাৰ সমাজৰ মানুহ বিলাকৰ মাজত হৈ থকা কিছুমান ভুল ধাৰণাৰ এটি চেতনামূলক বিৱৰণ...



   যেতিয়া এজন ছাত্ৰ নাইবা ছাত্ৰীয়ে কলা শাখাত  অধ্যয়ন কৰিব বিচাৰে তেতিয়া সমাজে তাক এনেকুৱা চাৱনিৰে চাই যেন সিহঁতে কিবা এটা পাপ কৰি আছে। আমাৰ সমাজৰ বিশেষকৈ শিক্ষিত মানুহ বিলাকৰ মাজত এনে বেয়া ধাৰণাবোৰ আহি থাকে। যেতিয়া এজন মানুহে আমাক আহি সুধিব যে, তুমি কোন শাখাত পঢ়ি আছা আৰু উত্তৰত যেতিয়া আমি কম কলা শাখা তেতিয়া মানুহজন আমাৰ ফালে এনেকৈ চাই ক'ব অহ! কলা শাখা, এই শাখাত পঢ়িবা যদি কিয় ইমান টকা খৰচ কৰি বাহিৰত পঢ়িব লাগে... ঘৰৰ ওচৰতে যিকোনো এটা চৰকাৰী প্ৰতিষ্ঠান এটাত পঢ়িব লাগিছিল, এনেই এনেই দেউতাৰ পইচা নষ্ট কৰি আছা। কিয় মানুহবিলাকৰ মাজত এনে ধৰণৰ বেয়া মনোভাৱ, এই ভেদাভেদ বোৰ দূৰ কেতিয়া হ'ব আৰু শিক্ষিত সমাজ  এখন কেতিয়া গঢ় লৈ উঠিব। আৰু বহুতে কৈ থাকে আজি কালিৰ যুগত কোনেও নলয় কলা শাখা এনেই তুমি তোমাৰ জীৱনটো ধ্বংস কৰি আছা। মোৰ মন গৈছে কলা শাখা লবলৈ বেলেগৰ ইমান সমস্যা হৈ থাকে কিয়? সিহঁতৰ পইচাদি আমি পঢ়ি আছোঁ নেকি আমাৰ মন গৈছে আমি পঢ়িম, যিজনে এই বিলাক বেয়া কমেণ্ট কৰি থাকে কবলৈ গ'লে সিহঁত হৈছে নিলাজ আৰু লাজ নথকা কুকুৰ। সকলোৱে ভাৱে যিবিলাক গাধা ছাত্ৰ সেইবিলাকৰ কাৰণে কলা শাখা। কিয় ভাল ছাত্ৰই কলা শাখা নপৰে নেকি? এই শাখাক চবে কিয় ইমান বেয়া চকুৰে চায়? মোক উত্তৰ লাগে... মানুহৰ মাজৰ পৰা এই বেয়া ধাৰণাবোৰ আঁতৰাই আনিবই লাগিব। তাৰ বাবে সৰুৰে পৰা স্কুল, কলেজবোৰত কলা আৰু বিজ্ঞান শাখাক লৈ ছাত্ৰ- ছাত্ৰীবোৰক সচেতনমমূলক ধাৰণা বিলাক আগবঢ়াব লাগে। যদি কোনো ছাত্ৰয়ে হাইস্কুল শি্ষান্ত পৰীক্ষাত ৯৭ শতাংশ লৈ কলা শাখাত নামভৰ্ত্তি কৰে তেনেহ'লে সমাজৰ সেই কুকুৰবোৰে ভাবে ল'ৰাটো চাগে পাগল হৈছে নহ'লে এনেই জমনিৰ বাবে এইবিলাক অৰ্থহীন কথা কৈ আছে। সিহঁতে ভাবে যিমান বৰ্বাদি মানুহে বিয়া পতাৰ পিছতো নহয়, কলা শাখা লৈ আমাৰ চাগে সিমান বৰ্বাদি হৈ আছে। আগৰে পৰাই আমাৰ কলা শাখাৰ ছাত্ৰ - ছাত্ৰী বিলাকক লৈ বেলেগে যিমান টৰ্চাৰ কৰি গৈ আছে, এতিয়া লৈকে এই ভেদাভেদৰ সমাপ্তি ঘটা নাই। গতিকে মই আজি সিহঁতক কৈ দিছোঁ, সাৱধান! আমাৰ শাখাক লৈ কোনো বেয়া মনোভাৱ নানিব, নিজে এবাৰ পঢ়ি চাবচোন কিমান সহজ এই শাখাটো, নপৰাকৈ তহ গম্ নাপাব মুখেৰে ক'বলৈ চব বস্তুৱেই সহজ। আমাৰ মনোভাৱ কেতিয়া পৰিৱৰ্তন হ'ব। সদায় কলা শাখাৰ ছাত্ৰ- ছাত্ৰী বিলাকক লৈ কিবা- কিবি অন্যায় কৰি থাকিব আমি মনে মনে থাকিম নেকি... মই সুভাষ চন্দ্ৰ বসুৰ নিচিনা প্ৰকৃত অনুধাৱন ব্যক্তিক নিজৰ উদাহৰণ হিচাপে বাঁচি লওঁ। নিজকে কেতিয়াও দূৰ্বল বুলি ভাৱিব নালাগে নহ'লে সেই নিলাজ মানুহ বিলাক ছল পাব আৰু বেয়া বেয়া কথা বিলাক কৈ ফুৰিব আৰু মূৰ্খৰ নিচিনা কৈ সেই কথালৈ হাঁহি থাকিব। কিন্তু সিহঁত নিজেই যে কিমান গাধা সেইটো নাজানে। এইবোৰক সমাজৰ পৰা আঁতৰাই লৈ যাব লাগিব তেতিয়াহে সমাজৰ পৰা দূষিত আৱৰ্জনাবোৰ নিষ্কাষণ হ'ব আৰু প্ৰদূৰ্ষণমুক্ত এখন সমাজ প্ৰতিষ্ঠিত হ'ব। আচলতে সৰুৰে পৰা এই দুটা শাখা লৈ আমাৰ মাজত ভূল শিক্ষা দিয়া হয়... ক'বলৈ গলে চব কলাৰে কিবা কিবি কঠিনতা আছে কিন্ত মূৰ্খ মানুহেতো সেই কথাটো বুজি নাপায়। এই বিলাক বেয়া কমণ্টেৰ কাৰণে বহুতো শিক্ষাৰ্থিৰ জীৱনত অন্ধকাৰ নামি আহিছে... বেলেগৰ জীৱন ধ্বংস কৰিবলৈ আমাৰ অলপো বেয়া নালাগে নেকি?  এয়াই আমাৰ মানৱতা নেকি? আমাৰ সমাজৰ উন্নতি সাধন কৰিবলৈ হ'লে আমাক সঠিক ব্যাক্ত হ'ব লাগিব । এজন সজ ব্যাক্তিয়ে সমাজ এখনৰ উন্নতি সাধন কৰিব পাৰে। 
      আগুৱাই আহক কলা শাখাৰ ছাত্ৰ - ছাত্ৰী বিলাক...
ইয়াৰ বিৰুদ্ধে আমাক যুঁজিব লাগিব, নহ'লে ভৱিষ্যত প্ৰজন্মই আৰু বেয়াকৈ ক্ষতিগ্রস্ত হ'ব।


ৰৌশনআৰা বেগম, মানকাচৰ


Comments

Popular posts from this blog

সৰগৰ বেলকনি (২)

Baby Doll

প্ৰেমৰ অভিনয়