সৰগৰ বেলকনি (৩)

হুঁচিয়াৰ


হেয় দাম্ভিক পুৰুষ-
তই হুঁচিয়াৰ !
তই কৰিছ নাৰীক অত্যাচাৰ
অবলাক কৰিছ ধৰ্ষণ, বলাৎকাৰ
আৰু চলাইছ নিৰ্যাতন |
হেয় চঞ্চল পুৰুষ-
তোৰ এই অহংকাৰ লুণ্ঠিম তৰিৎ বেগে মই
সাৱধান বাণী শুন ।।
শুন !
বন্দী কৰাম তোক লোৰ কিলিত
সম্পত্তিৰ লালসা তোৰ, অৰ্থলোভী তই
চলাইছ শিশুত মোহমন্ত্ৰ ;
বিস্তাৰিছ তোৰ পণ্য শালত ।
যুৱতীক অগ্নিনেত্ৰত দহিছ
নাজান তই লোকাভিমান,
মনিষৰ সামূহিক কৰ্ম চাহিদা ??
কিয় তোৰ ইমান উষ্ণ ৰক্তৰ পিৰ্‌পিৰণি
সৰলা, মুক্তমনা, নিষ্পাপ পলজনমক
দি কিনো স্বাদলব্ধ তোৰ এনে নিপীড়নত
স্বাধীন চিতীয়া পথিকক, যাত্ৰীক ক'ৰ পৰা আৰম্ভ
তোৰ পোহাৰী চুপতি
তোৰ বৈৰী নে ঈৰ্ষা জাগ্ৰতকাৰী খ্যাতনামা
নে তোৰ বিদ্বষী কুল সিহঁত ???
হুঁচিয়াৰ !
তোৰ বিপদ নামিছে হেৰ' লম্পট,
যৌনতাৰ দাসী, হেৰ' তামসিকতাৰ ডকাইত-
নাই আৰু তোৰ আয়ুস এতিয়া
আহিছোঁ মই অবিলম্বে বন্ধ কাৰাত
শুৱাবলে' ;
এই মোৰ বিপ্লৱী তাণ্ডৱ !! দেখিছই নহয়
আজিৰ পৰা কাল মূৰুতিধাৰী প্ৰতিশোধকাৰীক ;
চাই ল'- হাঁহিমুখে নত কৰাম তোক বজ্ৰ হস্তত
মোৰ বীৰ্য নিনাদ শুনাম দেশবাসীক ।
যাগৈ যা ভাটি বেলাত,
নালাগে তোৰ মৌ সনা মুখৰ গৰ্বী তৈলতা
নালাগে তোৰ মিছা প্ৰশংসা, নালাগে তোৰ অন্ধ বাট
বহুত চালোঁ, মনতে পঢ়িলোঁ তোৰ ৰেহ-ৰূপ, দাৰ্পিক চৰিত্ৰ
নীৰৱে সহিলোঁ মাথোঁ ।
এতিয়া মোৰ দাঁপিছে বুকু
ধ্বনিছে ঝন্‌ ঝন্ তৰোৱালে
হায় ! আজি তোৰ লয়লাস কবৰ খানাত
মুদিব লাগিব তই বিভাৱৰী নিশাত ;
কৰ্মস্থানতো মহা পাণ্ডিত্য
গৃহশাসনত তোৰ প্ৰভুত্বগিৰী প্ৰহাৰ
তিৰোতাৰ প্ৰতি, ছিঃ ছিঃ নিৰ্লজ্জে পান কৰিছ
কন্যাংগ ।
হুম্‌ ! হুঁচিয়াৰ !! ঐ চতুৰ উদ্ধত পুৰুষ
বিদায় দে তোৰ উদ্ভণ্ডালি
মই আজিৰ ধনঞ্জয়, অনাগতা নেত্ৰী
তই শাৰদীৰ মহীকাসুৰ, মোৰ পদৰ ধূলিকণা আজি
মই অকলেই কৰিম দুছেও তোক
নিম সবাকো সমতাৰ দিশে
হুঁচিয়াৰ ! হুঁচিয়াৰ !! হুঁচিয়াৰ !!!


দিপ্পীকা কামান, চিনাতলীয়া
উত্তৰ লখিমপুৰ, অসম-৭৮৭০৩১

Comments

Popular posts from this blog

সৰগৰ বেলকনি (২)

Baby Doll

প্ৰেমৰ অভিনয়