সৰগৰ বেলকনি (৩)

শিক্ষক দিৱস


জ্ঞানৰ জ্যোতিৰে উপচাই

প্ৰতিভাৰ সন্ধানত

জীৱনৰ বাট মোকলাই,,

এটি বন্তিৰ দৰে উজ্বলি আছা

আমাক পোহৰ বিলাই ৷ জ্ঞানৰ জ্যোতিৰে জ্যোতিষ্মান

তুমি আমাৰ হৃদয়ৰ গান,

তোমাৰ জ্ঞানৰ পৰশত

আমাৰ জীৱন কল্যান।

তুমি যেন এটি জ্ঞানৰ ভঁৰাল তোমাৰ নামেৰে জীৱন ৰসাল,

গঢ়ি তুলিছা এটি পুথিভঁৰাল জ্ঞানৰ ৰসৰে উপচাই জীৱন কাল৷

হে মহান গুৰুজনা তোমাক সহস্র প্রণাম, তোমাৰ গুণ গৰিমা আমি

গোটেই বিশ্বত বিলাম।

তোমাৰ নামেৰেই আমাৰ জীৱন

আঁকোৱালি লওঁ মৰণ পণ,

শ্ৰদ্ধাৰ গুৰু তুমি

সৰ্বপল্লী ৰাধাকৃষ্ণন।


ভাৰ্গব জ্যোতি দাস,
     নগাঁও ,অসম

Comments

Popular posts from this blog

সৰগৰ বেলকনি (২)

Baby Doll

প্ৰেমৰ অভিনয়