সৰগৰ বেলকনি (৩)
মাহৰ কাম
বহাগ মাহত ফুল ফুলে
ধৰণী ধুনীয়া কৰি,
জেঠ মাহত ফলৰ বতৰ
লাগে ডাল ভৰি।
আহাৰ মাহত সাতৰ চুৱা
নামে বৰষাৰাণী,
শাওঁণ মাহত ভৰ খেতি
আহে বানপানী।
ভাদৰ মাহত নাম ঘৰত
লয় ভদিয়া নাম,
আহিন মাহত দূৰ্গা পূজা
তাকে চোৱা কাম।
কাতি মাহত শৰৎ ঋতু
ফুলে শেৱালি পাহি,
আঘোণ মাহত সোণালী ধান
থাকে পথাৰত হাঁহি।
পুহ মাহত বৰ জাৰ
নিয়ৰ-কুঁৱলি পৰে,
মাঘ মাহত মেজি জ্বলায়
ভীষ্মক সুৱৰে।
ফাগুন মাহত পছোৱা বতাহ
গছৰ পাত সৰে,
চ'ত মাহত বছৰ শেষ
কোনেনো পাহৰে।
বসন্ত সানে সেউজীয়া ৰং
ধৰণী ধুনীয়া কৰি,
গ্ৰীষ্ম আহিলে ফল লাগে
ডাল ভৰি ভৰি।
বৰ্ষা আহিলে বৰষূণ নামে
ধৰা বুকুলে
শৰৎ আহিলে সুৱাস বিয়পাই
শেৱালি ফুলে।
হেমন্তই আনে নিয়ৰ-কুঁৱলি
বৰ জাৰ লাগে,
শীতে সৰাই গছৰ পাত
ধৰণী খৰাং কৰে।
ৰাজ বুবুল শইকীয়া
যোৰহাট
Comments
Post a Comment