সৰগৰ বেলকনি (৩)
উত্তৰ বিহীন প্ৰশ্ন বোৰৰ উত্তৰ বিচাৰি
ব্যস্ততাবোৰ শেষ হওঁতেই
নীসংগতাই আৱৰি ধৰে,
টোপনিওচোন আজিকালি
নলয় কিয় যে আঁকোৱালি !
অনুভৱবোৰ শেতেলিতে
ৰাতিপুৱা পাৰ হৈ যায় ৷
উজাগৰি উত্তৰবিহীন
প্রশ্নবোৰৰ উত্তৰ বিচাৰি ৷
চকু মেলি দেখা সপোন বোৰেও,
অস্তিত্বৰ দোমোজাত
আজি হেৰাই গৈছে কৰোৱাত !
আপোন বুলি কোৱা মানুহ বোৰেই
আজি মোক মোৰেই
পৰিচয় বিচাৰে.....
গুঠিব বিচৰা গুণা বোৰ,
সূতাৰ অভাৱত জহি যায় । ৷ ৷
সুস্মিতা বড়া
শ্বহীদ পিয়লি ফুকন কলেজ, নামতি
Comments
Post a Comment