সৰগৰ বেলকনি (৩)
আপোনাৰ আগমনৰ অপেক্ষাত
আপোনাৰ আগমনৰ বাতৰি পালেই
নগৰৰ ব্যস্ত পথবোৰো স্তব্ধ হৈ ৰব
আপোনাক আদৰাৰ বাবে।
ফাগুনৰ বতাহ জাককো আগতিয়াকৈ
জনাই থম আপুনি আহিব বুলি।
মোৰ সৈতে ফাগুনৰ বলিয়া বতাহজাকেও
আপোনাৰ বাবেই অতি আগ্ৰহেৰে বাট চাই আছে।
আপুনি অহাৰ বতৰা আগতীয়াকৈ পালে
ৰঙীন পলাশবোৰৰ সৈতে লগ লাগি
আপোনাৰ বাবে কোমল দলিছা পাৰি ৰাখিম।
কঁহুৱা তুলাবোৰে আপোনাৰ বাবে
ধুনীয়া মালা সাজিব,
আৰু.........
গছৰ ডালত পৰি চৰাইবোৰেও সিহঁতৰ
সোৱদী গীতেৰে আপোনাক আদৰাৰ প্ৰস্তুতি চলাব।
মাথোঁ আপুনি নহাকৈ নাথাকিব এই ফাগুনৰ বেলাত।।
কুকী মহন্ত
Comments
Post a Comment