সৰগৰ বেলকনি (৩)
আমি বিপ্লৱী
লাচিতৰ দেশৰে আমি বিপ্লৱী
নিদিওঁ অনাঅসমীয়াক
ভেটি সোণৰ অসমত।।
যাব যদি লাগে শৰাইঘটলৈ
সাজু আমি যাবলৈ।
নিদিওঁ সোণৰ অসমৰ ভূমিত
অনাঅসমীয়াক ভেটি।।
কৰিব যদি লাগে আকৌ
লুইত ৰাঙলী
সাজু আমি
লাচিত দেশৰে আমি বিপ্লৱী
সন্তান।।
পাহৰি নাযাবি হেৰৌ
অনাঅসমীয়াক
শৰাইঘাটৰ ইতিহাসক।।
মূলগাভৰু দেশৰে আমি বিপ্লৱী জীয়ৰী
পাহৰি নাযাবি অনাঅসমীয়া।।
নকৰিবি চেষ্টা সোণৰ অসমত
ভেটিৰ বাবে
খেদিম মোগলক খেদাদি
কৰিম লুইত ৰাঙলী
ৰচিম আকৌ শৰাইঘাটৰ
ইতিহাস।।
লাচিতৰ দেশৰে আমি বিপ্লৱী সন্তান।।
মূলগাভৰু দেশৰে আমি বিপ্লৱী জীয়ৰী।।
সতী জয়মতী তেজেৰে জ্বলোৱা ,
আছে বন্তি সোণোৱালী অসমত।।
নোৱাৰিবি নোৱাৰিবি লবলৈ ক্ষমতা হেৰৌ
অনাঅসমীয়া।।
লাচিতৰ দেশৰে আমি বিপ্লৱী
সন্তান।।
অৰ্পনা গগৈ
Comments
Post a Comment