সৰগৰ বেলকনি (৩)

প্ৰতাৰিত


মোৰ বুকুত প্ৰতি নিশা খহি পৰে উল্কাপিণ্ড, 
তোমাৰ প্ৰতাৰণাৰ উল্কাপিণ্ড। 
বাৰে বাৰে আঘাত হয় বুকু 
কেতিয়াবা মৃত্যুৰ উপশম হয়
তথাপিওঁ জীয়াই থকাৰ হেপাঁহে জীয়াই ৰাখিছে। 

তুমি অবিহনে এই প্ৰেমিকৰ আছে নো কি? 
মাত্ৰ জীয়াই থাকিব পৰাকৈ উশাহ টো
আৰু বুকুত থকা হৃদপিণ্ডৰ অসহ্যকৰ ধপধপনিবোৰ। 
কলিজা কেচাঁই খাই কি সোৱাদ লভা নাজানো! 
ইমান নিষ্ঠুৰ হয়টো নৰখাদকো নহয়, 
সিহঁতে অন্তত মাৰি পেলাই অংগ ভক্ষণ কৰে
তোমাৰ দৰে জীয়াই জীয়াই কলিজা নুচোবাই।।


চিন্ময় বৰা
বিশ্বনাথ চাৰিআলি

Comments

Popular posts from this blog

সৰগৰ বেলকনি (২)

Baby Doll

প্ৰেমৰ অভিনয়