সৰগৰ বেলকনি (৩)

সপোনবোৰৰ ৰং কেনেকুৱা


বকুত হেজাৰ সপোনৰ বান্ধোন লৈ 
জীয়াই আছোঁ আশা ভৰা আৱেগৰ
ঐক্যতাৰ ৰহনৰ সততাক নেওচি
ৰামধেনুৰ সাঁতো ৰঙৰ
বৈচিত্ৰতাক পাবলৈ..…............
ৰঙৰ আখল বিচাৰি, গৈ থাকিম 
অন্তিম পৰ্বলে, কষ্টৰ সহিষ্ণুতাক নেওচি 
পাম গৈ এদিন অন্তিম পয্যায়
যত থাকিব সুখৰ উষ্ম আদৰণি....
সপোনৰঙৰ দলিছাৰ চাবি,
যাৰ সতে উমলিব পাৰিম
জীৱনৰ কঠিন বান্ধোনক
শিৰত তুলি লৈ.......!
বাৰু,
সপোনৰ ৰং কেনেকুৱা ?
বিচ্ছিন্নতাক সৃষ্টিশীল কৰে যে
মনৰ মাজৰ পৰশমণি থকা
জোৱাৰ জাক'ক..মধুময় কৰে,
আদৰ্শতাক মনৰ মাজত গঢ়ি তোলে
বিয়পাই পেলাই চৌপাশে
সঁচাকৈ সপোনৰ ৰঙৰ বৈচিত্ৰ্যতা
এক উজ্জ্বল তৰাৰ দৰে.....
জিলিকাই  তোলে সকলোৰে 
মনৰ মাজৰ অখণ্ড পোহৰক।

ৰাজদ্বীপ শৰ্মা
শুক্লাই/ ওদালগুৰি

Comments

Popular posts from this blog

সৰগৰ বেলকনি (২)

Baby Doll

প্ৰেমৰ অভিনয়