সৰগৰ বেলকনি (৩)

নতুন দিগন্ত


মই আজি আৰম্ভ কৰিব বিচাৰিছোঁ
মোৰ জীৱনটো এক নতুন প্রভাতি কিৰণেৰে
মনত পেলাব বিচৰা নাই মই আজি
পুৰণি দিনবোৰৰ সেই বিষাদ ভৰা মুহুৰ্তবোৰ

মই আজি আৰম্ভ কৰিব বিচাৰিছোঁ
মোৰ জীৱনটো কিছু নতুন নিয়মেৰে
উভতি যাব বিচৰা নাই মই আজি
অতীতৰ সেই অভিশপ্ত নিয়মবোৰৰ মাজলৈ

মই আজি আৰম্ভ কৰিব বিচাৰিছোঁ
মোৰ জীৱনটো এক নতুন দিগন্তৰ সন্ধানত
আকৌ উভতি যাব বিচৰা নাই মই আজি
অমবস্যাৰ সেই অন্ধকাৰ ৰাতিবোৰৰ মাজলৈ।  

মই আজি আৰম্ভ কৰিব বিচাৰিছোঁ
মোৰ জীৱনটো কিছু নতুন অভ্যাসৰ সৈতে
পুনৰ মই লিপ্ত হব বিচৰা নাই আজি
অন্ধকাৰ কোঠাৰ নিশ্চিতভাৱে চলা
সেই পুৰণি অপৰাধ বোৰৰ সৈতে। 

মই আজি আৰম্ভ কৰিব বিচাৰিছোঁ
মোৰ জীৱনটো এটা নতুন সম্পর্কৰ বান্ধোনেৰে
পুনৰ আৰম্ভ কৰিব বিচৰা নাই মই আজি
মৰম, সন্মান আৰু আন্তৰিকতা নথকা
মোৰ সেই পুৰণি সম্পৰ্কতো। 

মই বিচৰণ কৰি ফুৰিছোঁ, নতুন দিগন্তৰ সন্ধানত
জীৱনটোক এক নতুন ৰূপত সজাই তুলিবলৈ। 

                    🖋️দেবর্ষি গৌতম
                   

Comments

Popular posts from this blog

সৰগৰ বেলকনি (২)

Baby Doll

প্ৰেমৰ অভিনয়