সৰগৰ বেলকনি (৪)

বিভ্রান্ত মোৰ জীৱন
    
মই আজি ক্লান্ত,
সপোন বোৰেও  
কৰিছে বিভ্ৰান্ত।
হৃদয়ৰ গভীৰত 
বাজিছে আজি 
বিৰহৰ কৰুণ সুৰ, 
ভাগৰুৱা উশাহবোৰেও 
সামৰিব ভৰষাবিহীন আশাবোৰ ৷

কোনোৱাই দেখিছানে 
কেতিয়াবা মোক, 
বেদনাৰে সিক্ত 
হৃদয়ৰ বিষাদ যন্ত্ৰণাবোৰ ? 
হৃদয় ভাঙি গৈছে এতিয়া মোৰ
সপোনবোৰ হেৰুৱাৰ বেদনাত ৷

বিভ্রান্ত সময়, অশান্ত মন, 
বাহিৰে ঢেৰেকণি,
ভিতৰি গৰ্জন ।
ভষ্ম অতীত !! 
বিভ্রান্ত বাস্তৱ!!
যন্ত্রণাদায়ক মোৰ এই জীৱন!।

আজাদুল আলী আছলাম
পদ্মপাৰা (চেঙা) বৰপেটা

Comments

Popular posts from this blog

সৰগৰ বেলকনি (২)

Baby Doll

প্ৰেমৰ অভিনয়