সৰগৰ বেলকনি (৪)
অনুসন্ধান
পোহৰৰ সন্ধান বিচাৰি আছোঁ
একলব্যৰ দৰে সাধনা কৰি !
ক'ত লগ পাম স্তম্ভিত উজলা
নাই নাই সেই উজ্জ্বল ৰশ্মি
বিকিৰিত চকুৰ নিৰ্গত হবলা
ধৰিত্ৰীৰ স্তম্ভৰ পৃষ্ঠা অন্তৰ্ভুক্ত
নিতাল - নিমাত জগত ৷
একমাত্ৰ জীৱিত অৱস্থাত
ব্ৰজনাথ বেলিৰ কিৰণে যোগাই
উৎকণ্ঠা জৰ্জৰিত ত্ৰিকোণ প্ৰেমকাহিনী
মৰ্মান্তিক জীৱনৰ চমু প্ৰবন্ধ পূৰ্ণাঙ্গ ৰূহীমুখ
ৰূপান্তৰিত বাটৰ কাষত অৱস্থিত
অনুপম ৰূপ কথা জৰ্জিত
জিকমিকিয়া ৰদালিৰ সাঁজ
আশাৰ চাকি বহুওৱা দ্বীপঅন্তৰ্ভুক্ত
হেপাহৰ তিৰবিৰ সেমেকা পৰ্ণপাতী
ভাষা বোৱতী নদী বৈ গৈছে
গম পাও জানো ইমান কঠিন সময়সীমা ?
ৰৌশনআৰা বেগম, মানকাচৰ
Comments
Post a Comment